শীঘ্ৰে পৃথিৱীতে উপলব্ধ হ’ব মংগল গ্ৰহ

শীঘ্ৰে পৃথিৱীতে উপলব্ধ হ’ব মংগল গ্ৰহ

এই মংগলগ্ৰহত বসবাস কৰিব পাৰিব আপুনিও। এই মংগলগ্ৰহত যাবলৈ আপোনাক নালাগিব কোনো ধৰণৰ মহাকাশ যান। ল’ব নালাগিব কোনো ৰকেটৰ সহায়। হয়, শুনিবলৈ আচহুৱা হ’লেও এয়াই সত্য। আপোনাক এই সুবিধা প্ৰদান কৰিব আমেৰিকাৰ মহাকাশ গৱেষণা সন্থা ‘নেচনেল এৰ’ন’টিকছ এণ্ড স্পেছ এডমিনিষ্ট্ৰেচন’ চমুকৈ নাছাই। অৱশ্যে নাছাৰ বাবেও মংগলগৃহটোক পৃথিৱীলৈ অনাটো অসম্ভৱ যদিও মোটা অংকৰ ধন দিলে নাছাই আপোনাৰ বাবে মংগলগ্ৰহৰ দৰে হুবহু পৰিৱেশ উপলব্ধ কৰি কৰি দিব এই ধৰাত। ইতিমধ্যে এই সন্দৰ্ভত পৰিকল্পনা বহুদূৰ আগবাঢ়িছে নাছাৰ। নাছাই ইতিমধ্যে এই পৰিকল্পনাৰ বাবে মোটা অংকৰ দৰমহাৰ বিনিময়ত বিচাৰিছে চাকৰি প্ৰাৰ্থী। পৃথিৱীৰ বিভিন্ন গৱেষণা প্ৰতিষ্ঠানেও নাছাৰ বাবে বিচাৰিছে চাকৰি প্ৰাৰ্থী। এইসকল প্ৰাৰ্থীয়ে প্ৰশিক্ষণত সহায় কৰিব মংগলত বসতি স্থাপন কৰিব খোজা লোকসকলক। কাৰণ নাছাই নিৰ্মাণ কৰিবলগীয়া হুবহু মংগল সদৃশ পৰিৱেশত প্ৰশিক্ষণ দিয়া হ’ব মংগলমুখী লোকসকলক। অৰ্থাৎ যিসকলে ভৱিষ্যতে এই ৰঙাগ্ৰহত বসতি স্থাপন কৰিব বিচাৰে এই বিশেষ কেন্দ্ৰত তেওঁলোকক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব নাছাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...