অৱশেষত উদ্ধাৰ মানকাচৰৰ অপহৃত গাড়ীচালক

এক শ্বাসৰুদ্ধকৰ অভিযানৰ অন্তত অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰিলে মানকাচৰৰ অপহৃত হোৱা গাড়ীচালক মোস্তাফিজুৰ ৰহমানক। বিগত ৪ ডিচেম্বৰত মেঘালয়ৰ ইষ্ট গাৰো হিলছত অপহৃত হৈছিল মোস্তাফিজুৰ। মেঘালয় আৰক্ষীৰ সহযোগত মানকাচৰ আৰক্ষীয়ে চলোৱা অভিযানত গ্ৰেপ্তাৰ হয় দুজন অপহৰণকাৰীও। মোস্তাফিজুৰক অপহৰণ কৰি তেওঁৰ পৰিয়ালৰ পৰা ১ কোটি টকা মুক্তিপণ দাবী কৰিছিল অপহৰণকাৰীয়ে। ধৃত দুই অহপৰণকাৰীৰ এজন মেঘালয়ৰ ইষ্ট গাৰো হিলছৰ আৰু আনজন মানকাচৰৰ। দুয়োকে ৩ দিনৰ জিন্মাত লৈ জেৰা অব্যাহত ৰাখিছে মানকাচৰ আৰক্ষীয়ে।

‘প্ৰথমে মোক গাড়ী ভাৰাৰ বাবে এজনে ফোন কৰিছিল’
‘ভাৰা ঠিক হোৱাৰ পিছত মেঘালয়ৰ তুৰালৈ মাতি পঠাইছিল’
‘৭-৮ জনীয়া অস্ত্ৰধাৰী দলৰ হাতত গতাই দিছিল মোক’

৪ ডিচেম্বৰতে অপহৰণৰ বলি হোৱা মানকাচৰৰ মোস্তাফিজুৰ ৰহমানৰ শিহৰণকাৰী বৰ্ণনা। মেঘালয়ৰ উইলিয়াম নগৰৰ ৰংৰেছোমা নামৰ দুৰ্গম গাঁৱৰ পৰা মোস্তাফিজুৰক উদ্ধাৰ আৰক্ষীৰ। মেঘালয় আৰু মানকাচৰ আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত উদ্ধাৰ হৈছিল মোস্তাফিজুৰৰ। মোস্তাফিজুৰৰ ব’লেৰো বাহনখন ভাৰালৈ ল’ম বুলি কৌশলেৰে মাতি এটা অস্ত্ৰধাৰী দলক গতাই দিয়া হৈছিল তেওঁক। অপৰহণকাৰীয়ে মোস্তাফিজুৰৰ পৰিয়ালক দাবী কৰিছিল ১ কোটি টকা মুক্তিপণ।

৪ ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল মোস্তাফিজুৰ। ৫ ডিচেম্বৰত ১ কোটি টকা মুক্তিপণৰ ফোন পোৱাৰ পিছতে ৬ ডিচেম্বৰত মানকাচৰ থানাত এজাহাৰ মোস্তাফিজুৰৰ পৰিয়ালৰ। লগে লগেই মোবাইলৰ কল ডিটেইল আৰু টাৱাৰ লোকেশ্বনৰ ওপৰত ভিত্তি কৰি তদন্ত আৰম্ভ কৰিছিল মানকাচৰ আৰক্ষীয়ে। মেঘালয়ৰ উইলিয়াম নগৰত পোৱা গৈছিল মোস্তাফিজুৰৰ মোবাইলৰ টাৱাৰ। তাৰ পিছতেই মেঘালয় আৰক্ষীৰ সহযোগত অভিযান চলাইছিল মানকাচৰ আৰক্ষীয়ে। এটা গুহাৰ ভিতৰত আৱদ্ধ কৰি ৰখা হৈছিল অপহৃত মোস্তাফিজুৰক। কিন্তু আৰক্ষীৰ অভিযানৰ উমান পাই মোস্তাফিজুৰক তাতে এৰি পলায়ন কৰিছিল অপহৰণকাৰীয়ে। মোস্তাফিজুৰক উদ্ধাৰ কৰি তেওঁৰ ব’লেৰোখনো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ জালত পৰিছে দুটা অপহৰণকাৰী। মেগালয়ৰ ইষ্ট গাৰো হিলছৰ কেলছনাথ চাংমা আৰু মানকাচৰৰ পিপুলবাৰী গাওঁৰ মফিদুল ইছলাম। মফিদুল ইছলামৰ ঘৰতে ৰচনা হৈছিল অপহৰণৰ ব্লু-প্ৰিন্ট।

আৰক্ষী একপ্ৰকাৰ নিশ্চিত- এই অপহৰণকাণ্ডত জড়িত আছে অধিক লোক। কিন্তু অপহৰণত জড়িত অস্ত্ৰধাৰী দলটোক লৈ মেঘালয় আৰক্ষীৰে যোগাযোগ অব্যাহত আছে আৰক্ষীৰ। কাৰণ মেঘালয়ত সম্প্ৰতি GNLAৰ প্ৰভাৱো একপ্ৰকাৰ নাইকীয়া হৈছে। তেন্তে অসমৰ লোকক টাৰ্গেট কৰি লোৱা কোন এই নতুন অস্ত্ৰধাৰী দল? অভিযান অব্যাহত আছে আৰক্ষীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...