ঈদৰ পূৰ্বে দৈনিক বজাৰত ৰক্তাক্ত পৰিৱেশ, চোকা দাৰে ঘপিয়াই হত্যা কৰিলে ছাকি আহমেদক

বজাৰত ব্যৱসায়ীৰ মাজত হোৱা ভয়ংকৰ কাজিয়াৰ পৰিণতিত প্ৰাণ গ’ল এজনৰ! উপৰ্যুপৰি চোকা দাৰে ইজনে সিজনক ঘপিওৱাৰ ফলতে মৃত্যু। শনিবাৰে পুৱা মেৰাপানী বজাৰত দুজন ব্যৱসায়ীৰ মাজত সংঘটিত হোৱা কাজিয়াৰ পৰিণতিত মাহমদুল হুছেইনৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হোৱা ছাকি আহমেদৰ অৱশেষত চিকিৎসালয়ত মৃত্যু ঘটে। যুৱকজনৰ মৃত্যু হোৱাৰ পাছতেই হত্যাকাৰী মাহমদুল হুছেইনসহ আন সতীৰ্থকেইজনে ৰে’লযোগে পলায়নৰ চেষ্টা কৰোঁতেই ৰাইজে কৰায়ত্ত কৰি মেৰাপানী আৰক্ষীক গতাই দিয়ে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...