ধোনী যুগ অন্ত, CSKৰ নতুন অধিনায়ক ৰবীন্দ্ৰ জাদেজা

এটা যুগৰ আজি অৱসান ঘটিল। ভাৰতীয় দলৰ অধিনায়কত্ব এৰাৰ পিছত এইবাৰ আই পি এলৰ পৰা অধিনায়কত্ব ত্যাগ কৰিলে এম এছ ধোনীয়ে। ২৬ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব লগীয়া IPLত চেন্নাই ছুপাৰ কিংছক এতিয়াৰে পৰা নেতৃত্ব দিব দলটোৰ মুখ্য অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই।

চি এছ কেই এক বিবৃতিযোগে জনাই যে, “২০১২ চনৰ পৰা চিএছকেৰ অবিচ্ছেদ্য অংশ হৈ থকা জাদেজা কেৱল চিএছকেৰ নেতৃত্ব দিয়া তৃতীয়জন খেলুৱৈ হ’ব”। উলেখ্যে যে, ধোনীয়ে ২০০৮ চনৰ পৰা CSK দলক নেতৃত্ব দিছিল।

২০৪ খন খেলত CSKক সমুখৰ পৰা নেতৃত্ব দি ১২১ খনত জয়ী হৈছে ধোনী
অৱশ্যে, ৮২ খন মেচত পৰাজয়ৰ মুখ দেখিব লগা হৈছে ধোনীয়ে
এই সময়ছোৱাত, ধোনীৰ জয়ৰ শতাংশ আছিল ৫৯.৬০

চাৰিটা আই পি এল জয় আৰু প্লে অফৰ যোগ্যতা অৰ্জনৰ এক অবিশ্বাস্য অভিলেখৰ সৈতে, ধোনী টি-20 লীগ ইতিহাসৰ আটাইতকৈ সফল অধিনায়কৰ ভিতৰত এজন। ধোনী IPL কেৰিয়াৰৰ সমগ্ৰ কাৰ্যকালৰ বাবে চিএছকেৰ অধিনায়ক আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...