ৰাজ্যত প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল অৱসৰপ্ৰাপ্ত SSB জোৱানৰ

প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৭৩ বছৰীয়া বৃদ্ধাৰ। তামুলপুৰ জিলাৰ গোৰেশ্বৰত প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল এগৰাকী ৭৩ বছৰীয়া বৃদ্ধাৰ। গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বালাহাটী গাঁৱৰ চুটিয়াপাৰা চুবুৰীৰ কাতিৰাম বড়োৰ ধুমুহাত অকাল মৃত্যুক সাবটি লয়। কাতিৰাম বড়ো SSB অৱসৰপ্ৰাপ্ত জোৱান আছিল।

উল্লেখযোগ্য যে, দুপৰীয়া অহা প্ৰচণ্ড বালি ধুমুহাত ঘৰৰ বাৰাণ্ডাত বহি থাকোঁতে গছ এডাল বাৰাণ্ডাৰ টিনত পৰাৰ ফলত আতংকিত হৈ হৃদক্ৰিয়া স্তব্ধ হৈ পৰে কাতিৰাম বড়োৰ। লগে লগে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে কাতিৰাম বড়োক। কাতিৰাম বড়োৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...