মোদীময় হৈ পৰিব গুৱাহাটী মহানগৰী

দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও প্ৰকল্পৰ শিলান্যাস কৰিব। ১১,৫৯৯ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীয়ে। এতিয়া প্ৰধানমন্ত্ৰীক আদৰণি জনাবলৈ চলোৱা হৈছে বিশাল প্ৰস্তুতি। মোদীৰ আগমনৰ প্ৰাকমুহূৰ্তত গেৰুৱাময় হৈ পৰিছে গুৱাহাটী।

গুৱাহাটীত উপস্থিত হৈয়ে ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটিক মোদীয়ে দিব মন্ত্ৰনা। ২ লাখ জনতাৰ উপস্থিতিৰে খানাপাৰাত মোদীৰ সভাক সফল কৰোৱাৰ পূর্ণ প্ৰচেষ্টা চৰকাৰৰ। ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটীৰ সৈতে বৈঠকত মিলিত হব প্ৰধানমন্ত্ৰী । ৪৯৮ কোটি টকাৰ কামাখ্যা কৰিডৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে। আজাৰা-ছয়গাঁও সংযোগী ৬ লেন যুক্ত পথৰ বাবে ৩৫৮ কোটি টকাৰ আঁচনি মুকলি কৰিব। অসম মালা দ্বিতীয়ৰ অধীনত ৪৩ টা পথৰ বাবে ৩,৪৪৪ কোটি টকাৰ আঁচনি মুকলি কৰিব। ৮৩১ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীয়ে। চন্দ্ৰপুৰত নিৰ্মাণ হবলগীয়া বহুমুখী ক্ৰীড়া প্ৰকল্পৰো শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীয়ে। ৩৫০০ ৰোগীৰ চিকিৎসা কৰিব পৰাকৈ নতুন ৰূপ দিব GMCHক। ৩,২৫০ কোটি টকাৰ প্ৰকল্পৰো আধাৰশিলা কৰিব প্ৰধানমন্ত্ৰীয়ে ।
কৰিগঞ্জৰ ৰাতাবাৰীত নিৰ্মান হ’বলগীয়া চিকিৎসা মহাবিদ্যালয়ৰো আধাৰশিলা কৰিব প্ৰধানমন্ত্ৰীয়ে। আধাৰশিলা স্থাপন কৰিব মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত নিৰ্মান কৰিব লগীয়া ইউনিটি মলৰ। মুকলি কৰিব জামুগুৰি-গহপুৰৰ মাজত নিৰ্মান হোৱা ৫৯২ কোটি টকীয়া পথৰ। মুকলি কৰিব বিশ্বনাথ-গহপুৰৰ মাজত নিৰ্মান হোৱা ১৪৫১ কোটি টকাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ। মোদীৰ জনসভালৈ আহিব ১ লাখ টকা উপাৰ্জনকাৰী ৫ হাজাৰ মহিলাও।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...