মোদীময় হৈ পৰিব গুৱাহাটী মহানগৰী

দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও প্ৰকল্পৰ শিলান্যাস কৰিব। ১১,৫৯৯ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীয়ে। এতিয়া প্ৰধানমন্ত্ৰীক আদৰণি জনাবলৈ চলোৱা হৈছে বিশাল প্ৰস্তুতি। মোদীৰ আগমনৰ প্ৰাকমুহূৰ্তত গেৰুৱাময় হৈ পৰিছে গুৱাহাটী।

গুৱাহাটীত উপস্থিত হৈয়ে ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটিক মোদীয়ে দিব মন্ত্ৰনা। ২ লাখ জনতাৰ উপস্থিতিৰে খানাপাৰাত মোদীৰ সভাক সফল কৰোৱাৰ পূর্ণ প্ৰচেষ্টা চৰকাৰৰ। ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটীৰ সৈতে বৈঠকত মিলিত হব প্ৰধানমন্ত্ৰী । ৪৯৮ কোটি টকাৰ কামাখ্যা কৰিডৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে। আজাৰা-ছয়গাঁও সংযোগী ৬ লেন যুক্ত পথৰ বাবে ৩৫৮ কোটি টকাৰ আঁচনি মুকলি কৰিব। অসম মালা দ্বিতীয়ৰ অধীনত ৪৩ টা পথৰ বাবে ৩,৪৪৪ কোটি টকাৰ আঁচনি মুকলি কৰিব। ৮৩১ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীয়ে। চন্দ্ৰপুৰত নিৰ্মাণ হবলগীয়া বহুমুখী ক্ৰীড়া প্ৰকল্পৰো শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীয়ে। ৩৫০০ ৰোগীৰ চিকিৎসা কৰিব পৰাকৈ নতুন ৰূপ দিব GMCHক। ৩,২৫০ কোটি টকাৰ প্ৰকল্পৰো আধাৰশিলা কৰিব প্ৰধানমন্ত্ৰীয়ে ।
কৰিগঞ্জৰ ৰাতাবাৰীত নিৰ্মান হ’বলগীয়া চিকিৎসা মহাবিদ্যালয়ৰো আধাৰশিলা কৰিব প্ৰধানমন্ত্ৰীয়ে। আধাৰশিলা স্থাপন কৰিব মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত নিৰ্মান কৰিব লগীয়া ইউনিটি মলৰ। মুকলি কৰিব জামুগুৰি-গহপুৰৰ মাজত নিৰ্মান হোৱা ৫৯২ কোটি টকীয়া পথৰ। মুকলি কৰিব বিশ্বনাথ-গহপুৰৰ মাজত নিৰ্মান হোৱা ১৪৫১ কোটি টকাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ। মোদীৰ জনসভালৈ আহিব ১ লাখ টকা উপাৰ্জনকাৰী ৫ হাজাৰ মহিলাও।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

শিৱসাগৰত ভয়ংকৰ ঘটনা

শিৱসাগৰত ভয়ংকৰ ঘটনা। দুগৰাকী মহিলাক চুৰিৰে আক্ৰমণ কৰিলে এজনে।...

৬৪ বলত অপৰাজিত ১৪৪ ৰান, অনুশীলন মেচত ৰিয়ানৰ বিস্ফোৰক ইনিংছ

আঘাতৰ বাবে দীৰ্ঘ সময় ধৰি খেলপথাৰৰ পৰা আঁতৰি থকা...

২০২৯ৰ পৰা মংগল গ্ৰহলৈ মানৱ অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা ইলন মাস্কৰ

ইলন মাস্কে স্পেচএক্সৰ মংগল অভিযানৰ বাবে এক উচ্চাভিলাষী সময়সূচী...

চিলাপথাৰৰ জ্যোতিনগৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা

চিলাপথাৰৰ জ্যোতিনগৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰেক্টৰ খুন্দাত...