২৮ এপ্ৰিলত অসমলৈ আহি আছে মোদী, লৰিংথেপিত অন্তহীন ব্যস্ততা

মাজত গোটাচেৰেক দিন। ২৮ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাৰ লৰিংথেপিত উপস্থিত হ’বহি দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। ইতিমধ্যে যুদ্ধকালীন গতিৰে নিৰ্মাণকাৰ্য চলি আছে প্ৰধানমন্ত্ৰীৰ সভাস্থলীত। কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু টীম কাৰ্বি আংলঙে দিনে-নিশাই সভাস্থলী নিৰ্মাণকাৰ্য তদাৰক কৰি থকাৰ লগতে শুকুৰবাৰে পুৱাৰ ভাগত প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিদৰ্শন কৰে ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই। মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়কদ্বয় দৰছিং ৰংহাং আৰু বিদ্যাছিং ইংলেং, পৰিষদৰ কাৰ্যবাহী সদস্যবৃন্দ আৰু বিভাগীয় মুৰব্বী বিষয়াসকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষক দিৱসৰ ভাষণ দি থাকোতেই শোকাৱহ ঘটনা…

ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা।...

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...

আহোম ৰাজবংশৰ ৰাজধানী ‘ৰংপুৰ-শিৱসাগৰ’ UNESCO-ৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনীত

ভাৰত চৰকাৰে অসমৰ শিৱসাগৰ(ৰংপুৰ)ক UNESCO-ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ...