৭৬টা চাবোনৰ বাকচত ভৰাই গাড়ীৰ ভিতৰত লুকুৱাই আনিছিল ড্ৰাগছ, পিছে…

প্ৰায় ৫ কোটি টকাৰ ড্ৰাগছ জব্দ। একেলগে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। লাহৰিজানৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰে AS 01 AV 3048 নম্বপ বাহনেৰে আনি থকাৰ সময়তে কলিয়াবৰ আৰক্ষীয়ে জব্দ কৰে। প্ৰায় ৮৫০ গ্ৰাম ওজনৰ ড্ৰাগছখিনি ৭৬টা চাবোনৰ বাকচত ভৰাই বাহনখনৰ ভিতৰত লুকুৱাই আনিছিল। ৰূপহী থানাৰ আৰক্ষী বিষয়া নিপু কলিতাৰ গোপন খোবৰৰ ভিত্তিত কলিয়াবৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে চাবোনৰ বাকচত ড্ৰাগছ। ড্ৰাগছখিনিৰ মূল‍্য ৪-৫ কোটি টকা হব বুলি জানিবলৈ দিছে মহকুমা আৰক্ষী বিষয়া গৰাকীয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী মহিদুল ইছলাম। মহিদুলৰ পৰা ৫৭ হাজাৰ নগদ ধন উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে কলিয়াবৰ আৰক্ষী থানাত উপস্থিত হৈ নগাঁও জিলা আৰক্ষী অধীক্ষকে মহিদুলক জেৰা অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণৰ সৈতে সংঘৰ্ষৰ মাজতে গাজা আক্ৰমণ ইজৰাইলৰ

ইৰাণৰ সৈতে চলি থকা সংঘাতৰ মাজতো ইজৰাইলে গাজাত আক্ৰমণ...

শিশুৰ মাজত দায়িত্ববোধৰ অভাৱ? সমাধানৰ উপায় দিলে ছানী লিয়নে

অভিনয়ত সময় দিয়াৰ লগতে অভিনেত্ৰী ছানী লিয়নে তেওঁৰ পৰিয়ালৰ...

ট্ৰাম্পৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত ইজৰাইলৰ সন্মতি, ইৰাণৰ অৱস্থান এতিয়াও অস্পষ্ট

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱিত যুদ্ধবিৰতিত ইজৰাইলে সন্মতি জনাইছে।...

মাজ আকাশত বিপত্তি! এয়াৰ ইণ্ডিয়াৰ লণ্ডনৰ পৰা মুম্বাই অভিমুখী বিমানত অসুস্থ যাত্ৰী

সোমবাৰে মুম্বাইলৈ উভতি অহাৰ পথত মাজ আকাশত, প্ৰায় ৩৫...