ধুবুৰীত কি ভাল খবৰ দিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই?

আজি ধুবুৰীত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই নিৰ্মীয়মান ধুবুৰী চিকিৎসা মহাবিদ্যালয় কামৰ অগ্ৰগতিৰ বুজ লয়। ইয়াৰ বাবে পুৱা প্ৰায় ১০.৩০ মান বজাত আহি উপস্থিত হয় ধুবুৰীত। মন্ত্ৰীগৰাকীয়ে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া সকলৰ লগত মিলিত হৈ গোটেই চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়। আজি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত সদৰি কৰা অনুসৰি ইতিমধ্যে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অহা বছৰৰ পাঠ্যক্ৰমৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ যাবতীয় কাম কাজ প্ৰায় সাজু হৈ আছে। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ নিৰ্দেশনা পোৱা মাত্ৰকে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ নতুন পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ধুবুৰী চিকিৎসা মহাবিদ্যায় চৌহদতে নতুনকৈ স্থাপন হ’ব লগীয়া ধুবুৰী কেন্সাৰ হস্পিতালখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ পৰা ভিডিঅ’ কনফাৰেন্স যোগে আধাৰ শিলা স্থাপন কৰিব বুলি আজি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ধুবুৰী চিকিৎসা মহাবিদ্যায়ত ঘোষণা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...

ইৰাণৰ নতুন প্ৰতিৰক্ষা মন্ত্ৰী মেহৰদাদ আখলাঘীৰ হুংকাৰ! আমেৰিকাক দিলে সকীয়নি, আক্ৰমণ কৰিলে হ’ব ‘বিপুল ক্ষতি’

আমেৰিকা-ইজৰাইলৰ আক্ৰমণত পূৰ্বৰ প্ৰতিৰক্ষা মন্ত্ৰী নিহত হোৱাৰ পিছত দায়িত্ব...