ধুবুৰীত কি ভাল খবৰ দিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই?

আজি ধুবুৰীত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই নিৰ্মীয়মান ধুবুৰী চিকিৎসা মহাবিদ্যালয় কামৰ অগ্ৰগতিৰ বুজ লয়। ইয়াৰ বাবে পুৱা প্ৰায় ১০.৩০ মান বজাত আহি উপস্থিত হয় ধুবুৰীত। মন্ত্ৰীগৰাকীয়ে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া সকলৰ লগত মিলিত হৈ গোটেই চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়। আজি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত সদৰি কৰা অনুসৰি ইতিমধ্যে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অহা বছৰৰ পাঠ্যক্ৰমৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ যাবতীয় কাম কাজ প্ৰায় সাজু হৈ আছে। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ নিৰ্দেশনা পোৱা মাত্ৰকে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ নতুন পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ধুবুৰী চিকিৎসা মহাবিদ্যায় চৌহদতে নতুনকৈ স্থাপন হ’ব লগীয়া ধুবুৰী কেন্সাৰ হস্পিতালখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ পৰা ভিডিঅ’ কনফাৰেন্স যোগে আধাৰ শিলা স্থাপন কৰিব বুলি আজি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ধুবুৰী চিকিৎসা মহাবিদ্যায়ত ঘোষণা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিয়া-ৰামানুজ-ৰক্তাক্ত কোঠা আৰু কিছু অকথ্য…

মাতৃ-পিতৃ-ভাতৃ আৰু সকলোতকৈ ভালপোৱা মানুহজনৰ লগত বিয়া হৈ মৰমৰ...

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...