গণতন্ত্ৰৰ আহ্বানত ব্ৰত ভাঙিলে অতুল বৰাই

মঙলবৰীয়া ব্ৰত আছিল দিছপুৰৰ বিধায়ক অতুল বৰাৰ। তেওঁ মঙলবাৰে ওলাই নাহে ঘৰৰ পৰা। ভোটগ্ৰহণৰ দিনটোত সেয়ে ভোট দিবলৈ অহাক লৈ আছিল অনিশ্চয়তা। পিছে ভোট দিবলৈ আহিল নে নাই অতুল বৰা? ৭ বছৰে এনে কি কঠোৰ ব্ৰত পালন কৰি আহিছিল বিধায়কজনে?

গণতন্ত্ৰৰ আহ্বানত ব্ৰত ভাঙিলে অতুল বৰাই
পত্নী পুত্ৰক লগত লৈ ভোটকেন্দ্ৰত উপস্থিত দিছপুৰৰ বিধায়কজন
৭ বছৰীয়া ব্ৰত ভাঙিলে গণতন্ত্ৰ, দল আৰু শুভাকাংক্ষীৰ আহ্বানত


কালিৰ দিনটোত অৰ্থাত সোমবাৰৰ কথা। ভোট দিবলৈ অহাৰ কথা নাছিল দিছপুৰৰ বিধায়ক অতুল বৰা। কথা নাছিল ওলাই অহাৰো। সংবাদ মাধ্যমৰ আগত সেই কথাৰ আভাস দিছিল বিধায়ক পুত্ৰই।

কিন্তু এইবাৰ গণতন্ত্ৰৰ, দলৰ আৰু বন্ধু বিধায়ক তথা শুভাকাংখীৰ আহ্বানত পত্নী পুত্ৰক লগত বাঘৰবড়ি প্ৰাথমিক বিদ্যালয়ত লৈ ভোট দিবলৈ ওলাই আহিল অতুল বৰা। ব্যক্ত কৰিলে ৰিজাল্ট প্ৰেডিকশ্যন।

অতুল বৰাই ক’লে কিয় ভোট দিবলৈ অহাৰ কথা নাছিল তেওঁৰ। মঙলবাৰে পিতৃ-মাতৃ তথা ভাতৃকে আদি কৰি কেইবাজনকো হেৰুৱাইছে তেওঁ। মঙলবাৰৰ দিনটোত বহু বছৰ ধৰি মৃতকক প্ৰাৰ্থনা কৰে তেওঁ। মঙলবাৰেই, বিশেষকৈ আত্মাৰ সৈতে কথা পাতে তেওঁ

ভোট দিবলৈ আহোঁতে সকলোৰে অনুমতি লৈ আহিছে হেনো অতুল বৰাই। আনকি হনুমানৰো। গণতন্ত্ৰ আৰু দলৰ প্ৰতি দায়বদ্ধ তেওঁ। সেয়ে ব্ৰত ভাঙি মঙলবাৰে সপৰিয়ালে আহিল ভোটকেন্দ্ৰলৈ।

ইফালে ন’টা সন্দৰ্ভতো পুনৰ মন্তব্য কৰিলে অতুল বৰাই। ‘ন’টাত ভোট দিয়া সকল নটৰিয়াছ’। এনেকৈয়ে স্বভাৱসুলভ ভংগীমাৰে স্পষ্ট ভাষাৰে সংবাদ মাধ্যমৰ আগত কবলগীয়াখিনি কৈ গল অতুল বৰাই। আহ্বান জনালে গণতন্ত্ৰৰ প্ৰতি সকলোৱেই দায়িত্বশীল হওক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...