১০ লাখ টকা উৎকোচ লৈছিল মন্ত্রী সঞ্জয় কিষাণে!

গুৱাহাটী, ১০ আগষ্ট, NKTV: ৰাজ্যৰ ৰাজনীতি কঁপাব পৰা গুৰুতৰ অভিযোগ! NKTVৰ কেমেৰাৰ সন্মুখত মুখ খুলিছে মন্ত্রীৰ প্রাক্তন PAই। ১০ লাখ টকা উৎকোচ লোৱাৰ গুৰুতৰ অভিযোগ মন্ত্রী সঞ্জয় কিষাণৰ বিৰুদ্ধে। ঠিকাদাৰী প্রতিষ্ঠান NCC লিমিটেডৰ পৰা মেডিকেল কলেজৰ ঠিকা দিয়াৰ বিনিময়ত ১০ লাখ টকা ঘোচ লোৱাৰ চাঞ্চল্যকৰ অভিযোগ তুলিছে তেওঁ প্রাক্তন ব্যক্তিগত সহায়ক সঞ্জীৱ সাহানীয়ে।

সঞ্জীৱ সাহানী ওৰফে বনি সাহানীয়ে ফাদিল কৰিছে কেলেংকাৰীৰ সবিশেষ। ৫ বছৰ মন্ত্রী সঞ্জয় কিষাণৰ সৈতে ব্যক্তিগত সহায়ক ৰূপে কাম কৰা সঞ্জীয় সাহানীৰ অভিযোগ অনুসৰি তেওঁৰ একাউণ্ট নম্বৰ NCC লিমিটেডক দিছিল মন্ত্রী সঞ্জয় কিষাণে। ইয়াৰ পাছতে সঞ্জীৱৰ একাউণ্টত NCC লিমিটেডে ১০ লাখ টকা ট্ৰান্সফাৰ কৰে। সঞ্জীৱ সাহানীয়ে অভিযোগ কৰা মতে তেওঁৰ একাউণ্টছৰ তথ্য হোৱাটএপৰ জৰিয়তে প্রেৰণ কৰাৰ পিছতে তেওঁৰ একাউণ্টছত ধন সোমাইছিল। সঞ্জীৱে তেওঁৰ বেংক একাউণ্টছৰ তথ্যপাতি আৰু হোৱাটএপৰ স্ক্রীণশ্বতো প্রকাশ কৰিছে।

মেডিকেল কলেজৰ ঠিকা আবণ্টন দিয়াৰ বাবদ মন্ত্রীজনে এই ধন লোৱা বুলি অভিযোগ কৰি সাহানীয়ে প্রকাশ কৰা মতে একাউণ্টছৰ পৰা সমুদায় ধন তুলি তেওঁ মন্ত্রীক জমা দিছিল। আন আন একাউণ্টছৰ পৰাও ধম অহা বুলি প্রকাশ কৰি কয় যে তেওঁৰ হাতত মন্ত্রীৰ কেলেংকাৰীৰ বহু তথ্য আছে আৰু সময়ত সেয়া প্রকাশ কৰিব। নিযুক্তি কেলেংকাৰীতো সঞ্জয় কিষাণ জড়িত থকাৰ অভিযোগ তুলিছে সঞ্জয় সাহানীয়ে। এতিয়া চিনি নাপাও বুলি ভাও ধৰিলেও তেওঁৰ অঙহী–বঙহীক চাকৰি দিয়া বুলি প্রকাশ কৰে। কেলেংকাৰী তথ্য পোহৰলৈ অহাৰ পিছতে সাহানীৰ ওপৰত বিভিন্ন থানাত গোচৰ ৰুজু হোৱাৰ আঁৰত মন্ত্রী জড়িত থকা বুলিও অভিযোগ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...

ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ পুনৰ আৰম্ভ হ’ল আন্তঃৰাষ্ট্ৰীয় জলপথেৰে বাণিজ্য

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বগীবিলৰ পৰা বাংলাদেশলৈ ৰপ্তানি হ’ব...