১/২ ইঞ্চি মাটিকলৈ যুঁজি থকাৰ অৰ্থ নাই, সকলো ভাৰতৰে মাটি : মুখ্যমন্ত্ৰী

গুৱাহাটী, ১০ আগষ্ট, NKTV: অসম-মিজোৰাম সীমা বিবাদ সন্দৰ্ভত নতুন দিল্লীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা আলোচনাৰ পিছত আজি বিয়লিভাগত এখন সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় – যি JOINT STATEMENT দুয়ো ৰাজ্যই প্ৰকাশ কৰিলে, তাৰ আঁৰত প্ৰধানমন্ত্ৰী মোদীৰো অৰিহণা আছে। ১ ইঞ্চি-২ ইঞ্চি মাটিকলৈ দুখন ৰাজ্যই যুঁজি থকাৰ কোনো অৰ্থ নাই, সকলো ভাৰতৰে মাটি। ইতিহাসত আমি কোনো ৰাজ্যৰ পৰা আমি অকণো মাটি বিচাৰি পোৱা নাই। ডিমাপুৰখন লৈ মই কি কৰিম? ডিমাপুৰ ভাৰতৰে মাটি।

মই যেতিয়াও দিল্লী আহোঁ, প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰো। NLFBৰ বহু ল’ৰা মূলসুঁতিলৈ ঘূৰি আহিছে। বড়োভূমিত সশস্ত্ৰ সংগ্ৰাম প্রায় শেষ হ’ল বুলি ক’ব পাৰোঁ। NRC reverification process আৰম্ভ হ’ব ক’ভিড মহামাৰীৰ পাছত। আজি নিশা ৮.৩০ বজাত অসমৰ সাংসদ সকলক সাক্ষাৎ কৰিম। শেহতীয়া অসম-মিজোৰামৰ সমস্যাক লৈ প্রধানমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰিছে : মুখ্যমন্ত্ৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...