অখিল গগৈৰ বিৰুদ্ধে তথ্য-প্ৰমাণ দাখিল কৰাত ব্যৰ্থ চাবুৱা আৰক্ষী

গুৱাহাটী, ১০ আগষ্ট, NKTV: অখিল গগৈৰ বিৰুদ্ধে কোনো চাৰ্জশ্বিট দিব নোৱাৰিলে চাবুৱা আৰক্ষীয়ে। বৰ্তমানৰ বিধায়ক তথা সংগ্ৰামী নেতা গৰাকীৰ বিৰুদ্ধে কোনো তথ্য-প্ৰমাণ দাখিল কৰিবলৈ সক্ষম নহ’ল চাবুৱা আৰক্ষী। আদালতে চাবুৱা থানাত ৰুজু হোৱা এক গোচৰত দোষমুক্ত কৰে অখিল গগৈক। মঙলবাৰে ডিব্ৰুগড় জিলাৰ চাবুৱা আৰক্ষী থানাৰ ২৯২/১৯ নম্বৰ গোচৰৰ সন্দৰ্ভত আছিল শুনানি। পুৱাৰে পৰা ডিব্ৰুগড় ন্যায়িক দণ্ডাধীশৰ আদালতত বাহৰ পাতি আছিল অখিল গগৈ। আবেলি পৰ্যন্ত আৰক্ষীয়ে কোনো তথ্য প্ৰমাণ দিব নোৱাৰাৰ লগতে চাৰ্জশ্বিটতো নাই অখিলৰ নাম। ইফালে, কা বিৰোধী আন্দোলনৰ সময়ত যিমানখিনি গোচৰ অখিলৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল সকলো ভুৱা বুলি মন্তব্য অখিলৰ।

অখিলক অসম আৰক্ষীৰ মিছাতে দীৰ্ঘদিন হাৰাশাস্তি কৰাৰ অভিযোগ। যিটো গোচৰত অভিযুক্ত কৰা হৈছিল সেই গোচৰৰ চাৰ্জশ্বিটত অখিলৰ নাম নথকা লগতে অখিলৰ বিৰুদ্ধে কোনো তথ্য প্ৰমাণ দিবলৈ সক্ষম নহ’ল আৰক্ষী। যাৰ বাবে আদালতে সম্পূৰ্ণৰূপে অখিলক ৰেহাই দিয়ে চাবুৱা থানাৰ গোচৰত। প্ৰায় ডেৰ বছৰ হাৰাশাস্তি কৰিলে বুলি আদালতৰ পৰা ওলায়েই ক্ষোভ প্ৰকাশ অখিলৰ। অখিলৰ হৈ বিনামূলীয়া আইনী সাহায্য আগবঢ়োৱা গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ, অনুজ চেত্ৰী, কৃষ্ণ গগৈ, ৰাহুল শেনচোৱা, পূৰৱী বৰ্মনকো ধন্যবাদ জ্ঞাপন কৰে গগৈয়ে।

উল্লেখ্য যে, ‘কা’ আন্দোলনৰ সময়ত উত্তেজিত জনতাই চাবুৱা থানা আক্রমণ কৰিছিল। থানাখন জ্বলাই দিবলৈয়ো উদ্যত হৈছিল উত্তেজিত জনতা। লগতে বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহতো অগ্নিসংযোগ কৰা হৈছিল। সেই গোচৰত চাবুৱা থানাই অখিল গগৈ জড়িত থকাৰ অভিযোগ আনি গোচৰ ৰুজু কৰিছিল। কিন্তু আৰক্ষীয়ে আদালতত কোনো ধৰণৰ তথ্য প্ৰমাণ দাখিল কৰিবলৈ সক্ষম নোহোৱাত আদালতে দোষমুক্ত কৰে অখিল গগৈক।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ভাৰতীয় পাছপ’ৰ্ট কেৱল ভ্ৰমণ দলিল, নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ নহয়: বিদেশ মন্ত্ৰালয়ৰ স্পষ্টীকৰণ

বিদেশ মন্ত্ৰালয়ৰ এটা বিবৃতিয়ে আইন আৰু ৰাজনৈতিক বিতৰ্কক নতুনকৈ...

২৭ জুনৰ নিশাৰ পৰা বন্ধ থাকিব আঠগাঁৱৰ উৰণসেতু; মেৰামতিৰ বাবে যান-বাহনৰ চলাচল বন্ধ

গুৱাহাটীৰ আঠগাঁও উৰণসেতু মেৰামতিৰ বাবে ২৭ জুনৰ নিশাৰ পৰা...

APL নিলামত ৩০০ খেলুৱৈ, ১৫ Icon ষ্টাৰ! যুৱ খেলুৱৈৰ বাবে সোণালী সুযোগ

✍️ মানস গোস্বামী অসমৰ ক্ৰিকেট ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা...