ৰাজ্যৰ পৌৰ নিকায়সমূহৰ অনলাইন সেৱাৰ বাবে মোবাইল এপ্ আৰু ৱেব পৰ্টেলৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ

অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ পৌৰ নিকায়সমূহে প্ৰদান কৰা অনলাইন সেৱাসমূহ একেঠাইতে পাব পৰাকৈ নিৰ্মাণ কৰি উলিওৱা এটা মোবাইল এপ্লিকেশ্যনৰ লগতে ইতিপূৰ্বে মুকলি হোৱা একীকৃত ৱেব পৰ্টেলৰ অদ্যাৱধিকৃত সংস্কৰণটি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

গুগল প্লে ষ্টৰত উপলব্ধ Assam Urban Services নামৰ মোবাইল এপৰ জৰিয়তে নাগৰিকসকলে গুৱাহাটী পৌৰ নিগমকে ধৰি ৰাজ্যৰ সকলো পৌৰ নিকায়ৰ আটাইবোৰ সেৱা নিজৰ মোবাইলৰ জৰিয়তেই লাভ কৰিব। আনহাতে বহুকেইটা নতুন দিশৰ সংযোজনেৰে অদ্যাৱধিকৃত https://assamurban.in/ নামৰ পৰ্টেলে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ শাখা বিভাগসমূহৰ লগতে ৰাজ্যৰ সকলো পৌৰ নিকায়ৰ সমগ্ৰ তথ্য একত্ৰিত কৰিব আৰু জনসাধাৰণে বিভাগীয় সেৱাসমূহ অনলাইনত লাভ কৰিব পৰাকৈ একক ক্ষেত্ৰ হিচাপে কাম কৰিব। এই পৰ্টেলে নাগৰিকসকলক প্ৰদান কৰা সুবিধাসমূহৰ ভিতৰত অনলাইন সম্পত্তি কৰ পৰিশোধ; তাৎক্ষণিক বাণিজ্য অনুজ্ঞাপত্ৰৰ অনুমোদন; ই-সেৱা যেনে খোৱাপানী যোগানৰ সংযোগৰ অনুৰোধ, প্ৰেক্ষাগৃহ আৰু খেলপথাৰৰ বুকিং, চলচচ্চিত্ৰৰ শ্বুটিং আদি; পৌৰ নিকায়ৰ বাহন অনুসৰণকাৰী জিপিএছ, অনলাইন অভিযোগ দাখিল তথা সমাধানৰ ব্যৱস্থা আদি উল্লেখযোগ্য।

পৰ্টেলত পৌৰ নিকায়সমূহৰ বিস্তৃত বিৱৰণ, যেনে – পৌৰ নিকায়সমূহৰ মানচিত্ৰ আৰু জনগাঁথনি, পৌৰপতি আৰু ৱাৰ্ড সদস্যসকলৰ সবিশেষ; পৌৰ নিকায়সমূহৰ সম্পত্তি, কাৰ্যসূচীৰ কাৰ্যকলাপ, নিবিদাৰ সবিশেষ ইত্যাদি। পৰ্টেলটি উন্মোচন কৰি প্ৰদান কৰা ভাষণত মন্ত্ৰী সিংহলে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সকলো সেৱা অনলাইনত লাভ কৰাৰ উদ্দেশ্যে এই একীকৃত পৰ্টেলটি ব্যৱহাৰ কৰিবলৈ সকলোকে আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰি চৰকাৰী কাম-কাজত ৰঙাফিটাৰ মেৰপাক দূৰ কৰা তথা জনসাধাৰণে যাতে চৰকাৰী কাৰ্যালয়লৈ নোযোৱাকৈ নিজৰ ঘৰৰ পৰাই সকলো সেৱা লাভ কৰিব পাৰে, সেয়া সুনিশ্চিত কৰাৰ দিশত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...