ঢেকিয়াজুলিৰ কিশোৰী নিগ্ৰহৰ ঘটনাৰ বুজ ল’লে মন্ত্ৰী অশোক সিংহলে

মানৱ সমাজক লজ্জানত কৰা এনে অপৰাধীক কঠোৰ হাতেৰে দমন কৰাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ : সিংহল

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি নিজ সমষ্টি ঢেকিয়াজুলিৰ ভোটপাৰা পলাশবস্তিত উপস্থিত হৈ অঞ্চলটোত কালি সংঘটিত কিশোৰী নিগ্ৰহৰ অনাকাংক্ষিত ঘটনাৰ বুজ লোৱাৰ লগতে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰে। ঘটনা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে তেজপুৰৰ আৰক্ষী অধীক্ষকৰ লগতে স্থানীয় বিভিন্ন দল-সংগঠনৰ সৈতে এক আলোচনাত মিলিত হয়। পিছত সাংবাদিকক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ঢেকিয়াজুলিত কালি সংঘটিত এই ঘটনাই মানৱ সমাজক লজ্জানত কৰিছে। সামাজিক ব্যাধিস্বৰূপ এনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ স্বাৰ্থত এনে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে একগোট হবলৈ তেওঁ ৰাইজলৈ আহ্বান জনায়। সমিলমিলেৰে বাস কৰি থকা ঢেকিয়াজুলিৰ সুন্দৰ সমাজখনে এনে অপশক্তিক উঘালি পেলাবলৈ সদায় ঐক্যবদ্ধ হৈ থাকিব বুলি তেওঁ আশা প্ৰকাশ কৰে। ঘটনাৰ অভিযুক্তক আৰক্ষীয়ে ইতিমধ্যেই তৎপৰতাৰে কৰায়ত্ত কৰিছে বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে কয় যে অতি সোনকালেই ঘটনাৰ তদন্ত সম্পূৰ্ণ কৰি কেছ ডায়েৰী দাখিল কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে। অভিযুক্তক আইন অনুসৰি কঠোৰতম তথা দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ মন্তব্য কৰে। সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত এনে কেইবাটাও ঘটনাত উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে চৰকাৰে এই দিশত বিশেষ দৃষ্টি ৰাখিছে আৰু অপৰাধীক কঠোৰ হাতেৰে দমন কৰাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ। এনে অপশক্তিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ প্ৰশাসনে সজাগতা অভিযান চলাব বুলি জানিবলৈ দি তেওঁ কয় যে প্ৰতিখন থানা, আৰক্ষী চকীত নাগৰিক সভাৰ আয়োজন কৰি ৰাইজৰ মতামত লোৱা হ’ব। স্পৰ্শকাতৰ অঞ্চলবোৰত আৰক্ষীৰ তহল বৃদ্ধি কৰাৰ বাবেও নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...