ষ্টাৰ স্প’ৰ্টছত ভাৰতীয় ক্ৰিকেটপ্ৰেমীয়ে উপভোগ কৰিব পাৰিব লিজেণ্ডছ লীগৰ খেল

অহা তিনি জুলাইৰ পৰা ইংলণ্ডৰ বাৰ্মিংহামত আৰম্ভ হ’বলগীয়া বিশ্ব চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছ ক্ৰিকেট লীগৰ খেল ভাৰতীয় অনুৰাগীয়ে ষ্টাৰ স্প’ৰ্টছ চেনেল তথা ডিজিটেল মাধ্যম ফেনক’ডত উপভোগ কৰিব পাৰিব৷ উল্লেখ্য যে ভাৰতৰ দ্বিতীয় বৃহত্তম ট্ৰেভেল কোম্পানী ইজমাইট্ৰিপে উপস্থাপন কৰা লীগত ভাৰত, অষ্ট্ৰেলিয়া, ইংলণ্ড, পাকিস্তান, দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজসহ মুঠ ছটা দলে অংশ ল’ব৷ ইংলণ্ড এণ্ড ৱেলছ ক্ৰিকেট বৰ্ডৰ অনুমোদন লাভ কৰা লীগখনত যুৱৰাজ সিং, ব্ৰেট লি, কেভিন পিটাৰচেন, জেক কালিছ, শ্বাহিদ আফ্ৰিদি, ক্ৰীছ গেইলৰ দৰে প্ৰাক্তন তাৰকা ক্ৰিকেটাৰসকলে অংশ ল’ব৷ ভাৰতৰ লগতে বিশ্বৰ ক্ৰিকেটপ্ৰেমীয়েও প্ৰতিযোগিতাখনৰ সকলো খেল পোনপটীয়াকৈ উপভোগ কৰিব পাৰিব৷ সেই অনুসৰি উত্তৰ আমেৰিকাত উইলো বাই ক্ৰিকবাজত আফ্ৰিকাত ছুপাৰস্প’ৰ্টছত, ইংলণ্ডত টি এন টি স্প’ৰ্টছ, অষ্ট্ৰেলিয়াত ফক্স স্প’ৰ্টছত আৰু কেৰিবিয়ান দেশত স্প’ৰ্টছ মেক্সত বিশ্ব চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছ ক্ৰিকেট লীগৰ খেল সম্প্ৰচাৰ হ’ব৷ বিশ্ব চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ স্বত্বাধিকাৰী হৰ্ষিত টোমাৰে কয় ‘আমি অনুৰাগীসকলক ক্ৰিকেট কিংবদন্তিসকলক পুনৰবাৰ খেলপথাৰত দেখাৰ সুযোগ প্ৰদান কৰি উৎফুল্লিত হৈছো৷ আমাৰ বিশ্বব্যাপী সম্প্ৰচাৰ অংশীদাৰসকলৰ সৈতে আমি এক বহল দৰ্শকৰ মাজলৈ যাব পাৰো আৰু বিশ্বজুৰি ক্ৰিকেটৰ মনোভাৱক উদযাপন কৰিব পাৰো৷’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত NIAৰ অভিযান; ৬ সন্দেহজনক জেহাদী গ্ৰেপ্তাৰ

ৰাজ্যৰ কেইবাটাও স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই সন্দেহজনক জেহাদী...

গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত; খেদি খেদি গ্ৰেপ্তাৰ ডকাইতৰ দল

মহানগৰ আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত। ছয়মাইলৰ পৰা খেদি...

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু SIRক লৈ আবেদন; অহা সপ্তাহত শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু দেশজুৰি...