জ্যেষ্ঠ বিজেপি নেতা লালকৃষ্ণ আদৱানী অসুস্থ

প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী তথা বৰ্ষীয়ান বিজেপি নেতা লালকৃষ্ণ আদৱানী অসুস্থ। শাৰীৰিক অসুস্থতাৰ বাবে তেখেতক দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, বাৰ্ধক্যজনিত সমস্যাৰ বাবে তেখেতক এইমছত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে ৯৬বছৰীয়া জ্যেষ্ঠ বিজেপি নেতাজনে বিগত দিনসমূহত স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল। যাৰ বাবে ঘৰতে তেওঁক চিকিৎসক চিকিৎসা আগবঢ়ায়। কিন্তু বুধবাৰে বিয়লিৰ ভাগত তেওঁৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাৰ বাবে তেওঁক এইমছলৈ লৈ যোৱা হয়। অৱশ্যে বৰ্তমান চিন্তাৰ কোনো কাৰণ নাই। চিকিৎসকে জনোৱা অনুসৰি, বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ আৰু তেওঁক চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...