হাতীৰ আক্ৰমণত নিহত নৱম শ্ৰেণীৰ ছাত্ৰী

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। ক’ৰবাত যদি হাতীয়ে মানুহক আক্ৰমণ কৰিছে আন কৰ’বাত আকৌ মানুহে আক্ৰমণ কৰিছে হাতীক। তাৰ মাজতে তামুলপৰৰ ভূটান-সীমান্তৰ বগাজুলীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। বন্যহস্তীৰ আক্ৰমণত কৰণ মৃত্যু এগৰাকী ছাত্ৰীৰ। নিহত ছাত্ৰীগৰাকীৰ নাম মনিকা বড়ো। মৃত মনিকা বড়ো নৱম শ্ৰেণীৰ ছাত্ৰী আছিল। আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা মাতৃ-পুত্ৰৰ।

নিশা শুই থকা অৱস্থাতেই সংঘটিত হয় সেই মৰ্মান্তিক ঘটনা। বন্যহস্তীৰ জাকে পৰিয়ালটোৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰে। তাৰ মাজতেই পলাবলৈ চেষ্টা কৰে ছাত্ৰীগৰাকীয়ে। তেনেতেই ঘটি যায় সেই মৰ্মান্তিক ঘটনাতো। বন্যহস্তীৰ আক্ৰমণত নিহত হয় ছাত্ৰীগৰাকী। আনফালে হাতীৰ জাকটোৱে ভাঙি লণ্ড-ভণ্ড কৰে কেইবাটাও পৰিয়ালৰ বাসগৃহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত NIAৰ অভিযান; ৬ সন্দেহজনক জেহাদী গ্ৰেপ্তাৰ

ৰাজ্যৰ কেইবাটাও স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই সন্দেহজনক জেহাদী...

গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত; খেদি খেদি গ্ৰেপ্তাৰ ডকাইতৰ দল

মহানগৰ আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত। ছয়মাইলৰ পৰা খেদি...

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু SIRক লৈ আবেদন; অহা সপ্তাহত শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু দেশজুৰি...