যোৰহাটৰ লিচুবাৰী বিস্ফোৰণ কাণ্ডৰ চাৰ্জশ্বীট NIAৰ

যোৰহাটৰ লিচুবাৰী সেনা চাউনিৰ বিস্ফোৰণ কাণ্ডৰ চাৰ্জশ্বিট NIAৰ। চাৰ্জশ্বিটত নাই তিতাবৰৰ নিৰীহ যুৱক দীপাংকৰ গগৈৰ নাম। ২০২৩ৰ ১৪ ডিচেম্বৰত সংঘটিত হৈছিল বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণত জড়িতৰ অভিযোগত ভয়ংকৰ নিৰ্যাতনৰ বলি হৈছিল দীপাংকৰ। আৰক্ষীৰ বৰ্বৰোচিত আক্ৰমণৰ বলি হৈ দীপাংকৰে আত্মহত্যা কৰাৰ অভিযোগ। ২০২৩ৰ ২৬ ডিচেম্বৰত চীপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল দীপাংকৰ গগৈৰ মৃতদেহ। তেতিয়াই তিতাবৰ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ আনিছিল স্থানীয় ৰাইজে। NIAৰ চাৰ্জশ্বিটতো প্ৰমাণ হ’ল দীপাংকৰ গগৈৰ নিৰ্দোষীতাৰ কথা। আলফা (স্বাঃ)ৰ নেতা আইচেং অসম বিস্ফোৰণত জড়িতৰ অভিযোগ NIAৰ। NIAৰ এই চাৰ্জশ্বিটৰ পিছতে তিতাবৰত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। তিতাবৰৰ তদানীন্তন আৰক্ষী বিষয়া সকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী পৰিয়ালৰ। বিষয়াসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী তুলিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও। সেই সময়ত যোৰহাটৰ SP আছিল মোহনলাল মিনা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত NIAৰ অভিযান; ৬ সন্দেহজনক জেহাদী গ্ৰেপ্তাৰ

ৰাজ্যৰ কেইবাটাও স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই সন্দেহজনক জেহাদী...

গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত; খেদি খেদি গ্ৰেপ্তাৰ ডকাইতৰ দল

মহানগৰ আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত। ছয়মাইলৰ পৰা খেদি...

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু SIRক লৈ আবেদন; অহা সপ্তাহত শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু দেশজুৰি...