মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰৰ এক সম্প্ৰসাৰিত অংশ হিচাপে পাণবজাৰস্থিত আৰক্ষী আয়ুক্তৰ পুৰণি বাংলোৰ চৌহদৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধন কাম-কাজৰ বিতং পৰ্যালোচনা কৰে৷ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা প্ৰমুখ্যে প্ৰাধিকৰণৰ জ্যেষ্ঠ বিষয়ববীয়াসকল তথা কৰ্তব্যত নিয়োজিত আৰ্কিটেক্ট আৰু ঠিকাদাৰসকলৰ সৈতে হোৱা এই বৈঠকত তেওঁ প্ৰকল্পটো ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধাসমূহ দূৰ কৰাৰ লগতে ইয়াৰ খৰতকীয়া ৰূপায়ণৰ বাবে সংশ্লিষ্টসকলক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে৷

উল্লেখযোগ্য যে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ জৰিয়তে প্ৰায় ৩৪ কোটি টকা পুঁজিৰে হাতত লোৱা এই প্ৰকল্পৰ জৰিয়তে আৰক্ষী আয়ুক্তৰ পুৰণি বাংলোৰ চৌহদক মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰৰ সৈতে সংলগ্ন কৰাৰ ব্যৱস্থা কৰা হৈছে৷ এই চৌহদত বৰ্তমানে থকা পদুম পুখুৰী এলেকাৰ উন্নয়ন আৰু ব্ৰহ্মপুত্ৰ নদীপাৰ এলেকাৰ সৌন্দৰ্যবৰ্ধনৰ লগতে সমগ্ৰ এলেকাটোৰ চাৰিওফালে লেণ্ডস্কেপিং ক’ৰ্ট আৰু খোজকঢ়া পথৰ নিৰ্মাণৰ কামো এই প্ৰকল্পত সামৰি লোৱা হৈছে৷ আজিৰ বৈঠকত মন্ত্ৰী সিংহলে এই প্ৰতিটো কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে সূক্ষ্মভাৱে পৰ্যালোচনা কৰে আৰু কেতবোৰ বিশেষ দিশত সালসলনিৰ পৰামৰ্শ দিয়ে৷ অহা ১৫ মাৰ্চৰ পূৰ্বে এই প্ৰকল্প সম্পূৰ্ণৰূপে সাজু কৰি তুলিব পৰাকৈ বাকী ৰোৱা কাম-কাজসমূহ দ্ৰুততৰ কৰি তুলিবলৈ তেওঁ বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...