নতুন যুগৰ অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ আৰক্ষীক নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ

0 26

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত পর্যালোচনা বৈঠক

জনসাধাৰণৰ সুবিধাৰ বাবে ই-এজাহাৰৰ দৰে অনলাইন সেৱা প্ৰৱৰ্তনত মুখ্যমন্ত্ৰীৰ গুৰুত্ব প্ৰদান

পাঁচজন বা তাতোধিক কৰ্মচাৰী থকা ব্যৱসায়িক প্ৰতিষ্ঠানত চিচি টিভি কেমেৰা স্থাপন বাধ্যতামূলক : মুখ্যমন্ত্রী

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আৰক্ষী বাহিনীৰ এক পর্যালোচনা বৈঠকত পৌৰোহিত্য কৰি নিযুক্তি, নতুন যুগৰ অপৰাধ মোকাবিলা কৰাৰ প্ৰস্তুতি, বিত্তীয় তথা প্রশাসনিক ব্যৱস্থাৰাজি ইত্যাদিকে ধৰি ৰাজ্যৰ আৰক্ষী বাহিনীৰ বিভিন্ন বিষয়সমূহৰ বুজ লয়।

বৈঠকত অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে একবিংশ শতিকাৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আৰক্ষী বিভাগক আধুনিক শক্তিলৈ ৰূপান্তৰিত কৰাৰ বাবে ৰাজ্যিক আৰক্ষী বাহিনী তথা গৃহ বিভাগৰ দীৰ্ঘম্যাদী পৰিকল্পনা সামৰি লোৱা পদক্ষেপসমূহৰ বিষয়ে প্রেজেণ্টেশ্যনৰ জৰিয়তে মুখ্যমন্ত্ৰীক অৱগত কৰে।

বৈঠকত মুখ্যমন্ত্ৰীয়ে সন্ত্ৰাসবাদীৰ হিংসাত্মক কার্যকলাপত প্রাণাহুতি দিয়া আৰক্ষী বাহিনীৰ লোকসকলৰ নিকটাত্মীয়ক অনুকম্পামূলক নিযুক্তি দিয়াটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে অতি কম সময়ৰ ভিতৰতে এই নিযুক্তি প্রক্রিয়া সম্পূৰ্ণ হোৱাটো সুনিশ্চিত কৰিবলৈও কয়। অনলাইনৰ জৰিয়তে শিশু পৰ্ণগ্ৰাফী, চাইবাৰ জালিয়াতি আদিৰ দৰে নতুন যুগৰ অপৰাধসমূহৰ বিৰুদ্ধে মোকাবিলা কৰাৰ বাবে বিভাগটোত প্রয়োজনীয় মানৱ সম্পদ বৃদ্ধি কৰিবলৈও অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে।

জনসাধাৰণে যাতে আৰক্ষী থানালৈ নোযোৱাকৈয়ে অনলাইন সেৱাৰ সুবিধা লাভ কৰিব পাৰে সেই বিষয়টোত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীক অনলাইনৰ সম্ভাব্য সেৱাসমূহক সামৰি এখন হাতপুথি প্ৰস্তুত কৰিবলৈ কয়। এই দিশত প্ৰয়োজনীয় আলোচনাৰ জৰিয়তে সময় নিৰ্দ্ধাৰিতভাৱে এই কাম সম্পন্ন কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে লগতে আৰক্ষী বাহিনীৰ আধুনিকীকৰণৰ বাবে বৰ্তমানে গ্ৰহণ কৰা সংস্কাৰমূলক ব্যৱস্থাত যাতে কোনো ধৰণৰ আমোলাতান্ত্রিক মেৰপেচৰ ফলত বাধাগ্রস্ত নহয়, তাৰ বাবে ব্যৱস্থা গঢ়ি তোলাৰ বাবে পৰামৰ্শ আগবঢ়াব। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট কর্তৃপক্ষক আৰক্ষীৰ কাম-কাজ সূচাৰুৰূপে পৰিচালনা কৰাত সহায়ক হোৱাৰ বাবে ৰাজ্যৰ আৰক্ষী বিভাগক কেতবোৰ বিশেষ আর্থিক আৰু প্ৰশাসনিক ক্ষমতা প্ৰদান কৰিবলৈও নির্দেশ দিয়ে।

ৰাজ্যবাসীৰ হিতৰ বাবে মুখ্যমন্ত্ৰী ড° শৰ্মাই দেশৰ বিভিন্ন প্ৰান্তৰ আৰক্ষী বাহিনীৰ উত্তম পদ্ধতিসমূহ গ্ৰহণ কৰি ৰাজ্যৰ জনসাধাৰণ উপকৃত হ’ব পৰাকৈ অসম আৰক্ষীক এই পদ্ধতিসমূহ কাৰ্যকৰী কৰাৰ বাবে শীৰ্ষ আৰক্ষী বিষয়াসকলক নির্দেশ দিয়ে।

পাঁচ বা তাতোধিক কৰ্মচাৰী থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ চৌহদৰ ভিতৰত চিচি টিভি কেমেৰা স্থাপন কৰাটো বাধ্যতামূলক কৰাৰ নিৰ্দেশনা প্রদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক নির্দেশ দিয়ে। ইয়াৰ জৰিয়তে মহানগৰীত অপৰাধমূলক কার্যকলাপ বহুলাংশে বাধা দিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে আজিৰ এই অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তৰ লগতে চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.