তেজপুৰত ১০০০ আসনযুক্ত টাউন হল, সংহত ক্ৰীড়া প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

তেজপুৰ চহৰত নিৰ্মীয়মান ১০০০ আসনযুক্ত টাউন হল আৰু সংহত ক্ৰীড়া প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

শোণিতপুৰ জিলাত বন অধিকাৰ আইনৰ ৰূপায়ণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাম-কাজৰ পৰ্যালোচনা, বিশিষ্ট নাগৰিকৰে মত-বিনিময়

অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক বৈঠকত শোণিতপুৰ জিলাত বন অধিকাৰ আইন, ২০০৬ ৰূপায়ণৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে আন এখন বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনৰ বিভিন্ন শাখা বিভাগসমূহ তথা জিলাখনৰ পৌৰসভাসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰে। জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ ভূমিৰ অধিকাৰৰ লগতে চৰকাৰী আইন অনুসৰি জনসাধাৰণৰ বন অধিকাৰ সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰি নাগৰিকৰ কল্যাণৰ বাবে উন্নয়নমূলক পদক্ষেপসমূহৰ ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰাৰ দিশত বিভাগীয় কাম-কাজসমূহ নিখুঁত ৰূপত আৰু তড়িৎ গতিত ৰূপায়ণৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।

ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে তেজপুৰ চহৰত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ দ্বাৰা ৰূপায়িত উন্নয়নমূলক প্ৰকল্পসমূহৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। তেওঁ তেজপুৰৰ পৰোৱা চাৰিআলিৰ সমীপত নিৰ্মিয়মাণ ১০০০ আসনযুক্ত টাউন হলৰ কামৰ অগ্ৰগতিৰ বুজ লয়। ২৭ কোটি টকা প্ৰকল্প ব্যয়েৰে এই প্ৰেক্ষাগৃহৰ কাম হাতত লোৱা হৈছে। আনহাতে মন্ত্ৰী সিংহলে আজি তেজপুৰ চহৰৰ ১৮ নং ৱাৰ্ডস্থিত হজৰাপাৰৰ সংহত ক্ৰীড়া প্ৰকল্প আৰু ৱাটাৰফ্ৰণ্ট উন্নয়ন তথা পক্ষী নিৰীক্ষণ টাৱাৰৰ নিৰ্মাণকাৰ্যৰো বুজ লয়। প্ৰায় ২৪ কোটি টকা ব্যয়েৰে হাতত লোৱা এই প্ৰকল্প পৰৱৰ্তী দুবছৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে। নিৰ্মাণ সম্পূৰ্ণ হ’লে দুয়োটা প্ৰকল্পই তেজপুৰবাসীক উপকৃত কৰাৰ লগতে ঊষা নগৰীৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। আজিৰ পৰ্যালোচনা বৈঠক তথা প্ৰকল্প পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে তেজপুৰৰ বিধায়ক পৃথ‌্বীৰাজ ৰাভাৰ লগতে বিভাগীয় জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।

ইফালে মন্ত্ৰী সিংহলে আজি বিয়লি জিলা আয়ুক্তৰ কাৰ্যালয়ত তেজপুৰৰ বিশিষ্ট নাগৰিক তথা বুদ্ধিজীৱীসকলৰ সৈতে এক অন্তৰংগ বৈঠকত মিলিত হৈ তেজপুৰ চহৰৰ সৌন্দৰ্যবৰ্ধন তথা সৰ্বাংগীন উন্নয়নৰ বাবে তেওঁলোকৰ পৰা বিভিন্নধৰণৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰে। এই বৈঠকত চহৰখনৰ বহুসংখ্যক গণ্য-মান্য ব্যক্তিয়ে অংশ লয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...