কৃষকৰ বাবে ভাল খবৰ দিলে কৃষি মন্ত্ৰীয়ে

কৃষকৰ বাবে সুখৰ বতৰা। বোকাখাতত ১০০০ মেট্ৰিক টন শস্য মজুত ৰখাৰ ভঁৰাল গৃহ উন্মোচন। ১ কোটি ৬০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা কৃষি জ্ঞান কেন্দ্ৰৰ নিৰ্মাণৰ শুভাৰম্ভ। আজি কৃষি মন্ত্ৰী অতুল বৰাই কৃষকৰ উৎপাদিত শস্য মজুত ৰাখিবৰ বাবে ১০০০ মেট্ৰিক টনৰ পৰিসৰৰ ভঁৰাল গৃহৰ দ্বাৰ মুকলি কৰাৰ লগতে নতুনকৈ নিৰ্মাণ হ’ব লগা কৃষি জ্ঞান কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। বোকাখাতৰ কৃষকক সকাহ দিবৰ বাবে মহকুমা কৃষি বিষয়াৰ কাৰ্যলয়টোৰ পৰিত্যক্ত অৱস্থাত থকা পুৰণা গৃহসমূহ নতুনকৈ নিৰ্মাণ কৰাৰ লগতে বোকাখাতত এটা শীতল ভঁৰাল নিৰ্মাণ কৰাৰ পৰিকল্পনাৰ কথা সদৰি কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...