RRR-এ ভংগ কৰিলে বাহুবলীৰ অভিলেখ, এদিনতে উপাৰ্জনৰ অভিলেখ

0 99

মুক্তিৰ পূৰ্বেই বহুচৰ্চিত এখন চিনেমা। ৰামচৰণ, জুনিয়ৰ এন টি আৰ আৰু আলিয়া ভাটৰ দুৰ্দান্ত অভিনয়, পৰিচালনা আৰ আৰ ৰাজামৌলীৰ, চৰ্চাই নহবইবা কিয়! প্ৰত্যাশা কৰা ধৰণে মুক্তিৰ লগে লগে বিপুল দৰ্শকে ভিৰ কৰে চলচ্চিত্ৰ গৃহত। ৰাজামৌলীয়ে নিজৰে ছবি বাহুবলী 2ৰ অভিলেখ ভংগ কৰি গঢ়িলে নতুন ইতিহাস। মুক্তৰ প্ৰথম দিনাই ২২৩ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হয় চিনেমাখনে। দ্বিতীয় দিনাও চিত্ৰগৃহত অভূতপূৰ্ব ভিৰ। প্ৰতিটো শ্ব হাউছফুল। উল্লেখ্য যে, ছবিখনৰ বাবে ৩৩৬ কোটি টকা খৰচ কৰিছিল নিৰ্মাতাই। বিশ্বজুৰি তিনিওগৰাকী তাৰকাই প্ৰচাৰ চলাইছিল। কেৱল ভাৰততে নহয়, বিদেশতো ছবিখন প্ৰশংসিত হোৱাৰ লগতে অনুৰাগীয়ে আগ্ৰহেৰে উপভোগ কৰিছে চিনেমাখন।

Leave A Reply

Your email address will not be published.