২০২১ বৰ্ষৰ শব্দ শিল্প বঁটা, শব্দ শিল্প সাধনা বঁটা প্ৰদান

আজি গুৱাহাটী প্ৰেছ ক্লাৱত শব্দ শিল্পৰ দ্বাৰা আয়োজিত ২০২১ বৰ্ষত অনুষ্ঠিত উপন্যাসৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ বঁটা বিতৰণ তথা গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায়। বিশিষ্ট সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে উক্ত সভাত উপস্থিত থাকি বঁটা সমূহ প্ৰদান কৰে। ২০২১ বৰ্ষৰ শব্দ শিল্প বঁটা লাভ কৰে ‘বনানীৰ বাটেৰে’ উপন্যাসৰ বাবে ঔপন্যাসিকা চন্দ্ৰমা শৰ্মাই।

২০২১ বৰ্ষৰ শব্দ শিল্প সাধনা বঁটা লাভ কৰে ‘গুণাভিৰাম’ উপন্যাসৰ বাবে মঞ্জু দত্ত বৰুৱা আৰু ‘মোৰ সত্তা’ উপন্যাসৰ বাবে মল্লিকা বেগমে। গ্ৰন্থ সমূহ উন্মোচন কৰে ক্ৰমে শিশু সাহিত্যৰ অকাডেমি বঁটা প্ৰাপ্ত বিশিষ্ট লেখিকা হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি, লেখিকা সংস্থা অসমৰ প্ৰাক্তন সভানেত্ৰী মঞ্জুলা ভট্টাচাৰ্য্য আৰু লেখিকা সংস্থা অসমৰ বৰ্তমানৰ সভানেত্ৰী মৃদুলা শৰ্মাই। সভাত বিশিষ্ট সাহিত্যিক বৰ্ণালী ভৰালী আৰু অধিবক্তা সত্যেন শৰ্মাই ভাষণ প্ৰদান কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...