ৰাজস্থানৰ ছুৰাটগড়ত সোমবাৰে পুৱা ভাৰতীয় বায়ুসেনাৰ এখন MiG-21 বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাত ৩জন লোক নিহত হয়। পুৱা নিয়মীয়া প্ৰশিক্ষণৰ বাবে উৰা মৰাৰ খন্তেক পিছতে ছুৰাটগড়ৰ কাষৰীয়া এখন গাঁৱত বিধ্বস্ত হয় MiG-21 যুঁজাৰু বিমানখন। ছুৰাটগড় জিলাৰ বাহলোলনগৰ গাঁৱৰ এটা পৰিয়ালৰ ঘৰৰ ওপৰতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাত দুগৰাকী মহিলাৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজনৰ পিছত চিকিৎসালয়ত মৃত্যু হয়। এই ঘটনাত আন ৩জন লোক গুৰুতৰভাৱে আহত হয়। অৱশ্যে যুঁজাৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বে পাইলটজনে পেৰাছুটেৰে জঁপিয়াই দিয়াত তেওঁৰ প্ৰাণ ৰক্ষা পৰে। পিছত ঘটনাস্থলীৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগত পাইলটজনক উদ্ধাৰ কৰা হয়। দুৰ্ঘটনাৰ ফলত গাঁওখনৰ আন কেইবাটাও ঘৰ বিধ্বস্ত হয়। পুৱা প্ৰায় ৯.৪৫ বজাত সংঘটিত হয় এই বিমান দুৰ্ঘটনা। ছুাটগড়ত থকা ভাৰতীয় বায়ুসেনাৰ ঘাটিৰ পৰা প্ৰশিক্ষণৰ বাবে উৰা মৰাৰ কিছু সময়ৰ পিছতে বিধ্বস্ত হয় বিমানখন।
ৰাজস্থানৰ ছুৰাটগড়ত বায়ুসেনাৰ MiG-21 বিমান দুৰ্ঘটনাগ্ৰস্ত
এটা পৰিয়ালৰ ঘৰৰ ওপৰতে বিধ্বস্ত হ’ল MiG-21
দুৰ্ঘটনাত ২ মহিলাসহ ৩জন লোকৰ মৃত্যু
কথমপি প্ৰাণ ৰক্ষা পৰিল বিমানখনৰ পাইলটজনৰ
পুনৰ দুৰ্ঘটনাগ্ৰস্ত হ’ল ভাৰতীয় বায়ুসেনাৰ MiG-21 যুঁজাৰু বিমান। সোমবাৰে পুৱা ৰাজস্থানৰ ছুৰাটগড়ৰ কাষৰীয়া এখন গাঁৱত ধ্বংসপ্ৰাপ্ত হয় যুঁজাৰু বিমানখন। ছুৰাটগড়ত থকা ভাৰতীয় বায়ুসেনাৰ ঘাটিৰ পৰা নিয়মীয়া প্ৰশিক্ষণৰ বাবে উৰা মৰাৰ কিছু সময়ৰ পিছতে বাহলোলনগৰ নামৰ গাঁওখনৰ এটা পৰিয়ালৰ ঘৰৰ ওপৰতে বিধ্বস্ত হয় MiG-21 যুঁজাৰু বিমানখন। এই ঘটনাত পৰিয়ালটোৰ দুগৰাকী মহিলাৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজনৰ পিছত চিকিৎসালয়ত মৃত্যু হয়। নিহত লোককেইজনক লীলা দেৱী, বংশ কৌৰ আৰু বান্তো বুলি চিনাক্ত কৰা হৈছে। এই দুৰ্ঘটনাত অঞ্চলটোৰ আন ৩জন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ভাৰতীয় বায়ুসেনাই প্ৰকাশ কৰা মতে, ছুৰাটগড়স্থিত বায়ুসেনাৰ ঘাটিৰ পৰা উৰা মৰাৰ পিছতে পুৱা প্ৰায় ৯.৪৫ বজাত দুৰ্ঘটনাগ্ৰস্ত হয় MiG-21 বিমানখন। উৰা মৰাৰ কিছু সময়ৰ পিছতেই বিমানখনৰ যান্ত্ৰিক বিজুতি ধৰা পেলাই পাইলটে বিমানখন উভতাই নিয়াৰ চেষ্টা চলাই যদিও ইতিমধ্যে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাত পাইলটজনে পেৰাছুটেৰে জঁপিয়ায়।ইয়াৰ পিছতে দুৰ্ঘটনাস্থলীৰ পৰা ২৫ কিলোমিটাৰ নিলগত জীৱন্তে উদ্ধাৰ কৰা হয় পাইলটজনক। নিহত আৰু আহতৰ পৰিয়ালক স্থানীয় প্ৰশাসনে আৰ্থিক ক্ষতিপূৰণ দিয়ে। উল্লেখ্য যে ভাৰতীয় বায়ুসেনাই ২০২৫ৰ ভিতৰ পৰ্যায়ক্ৰমে MiG-21 বিমানৰ স্ক’ৱাড্ৰন সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে যোৱাবছৰ শ্ৰীনগৰ ঘাটিত থকা MiG-21 যুঁজাৰু বিমানৰ স্ক’ৱাডন বন্ধ কৰা হৈছে।