১ লাখ টকাতকৈ কম উপাৰ্জন কৰা সকলৰহে মাফ হ’ব মাইক্ৰ’ফাইনেন্সৰ ঋণ

শুকুৰবাৰে মাইক্ৰ’ফাইনেন্স ঋণ ৰেহাই সন্দৰ্ভত মন্ত্ৰী অশোক সিংঘালৰ সংবাদমেল। নিৰ্বাচনৰ প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে মাফ কৰিব মাইক্ৰ’ফাইনেন্সৰ ঋণ। কিন্তু সকলোৱে লাভ নকৰিব এই সুবিধা।

কোন, কোনে পাব এই সুবিধা?

  • ২০২০ৰ ৩১ মাৰ্চৰ পূৰ্বে ঋণ লোৱাসকলে পাব ৰেহাই
  • বছৰি ১ লাখ টকাৰ ওপৰৰ আয় অৰ্জনকাৰী এই আঁচনিত নপৰিব
  • চাৰিচকীয়া বাহন থকা পৰিয়ালো এই আঁচনিত অন্তৰ্ভুক্ত নহ’ব

উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে প্ৰথম কেবিনেটতে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই সন্দৰ্ভত গঠন কৰিছিল কমিটী। কমিটী গঠনৰ পিছত কমেও ৩বাৰ অংশীদাৰসকলৰে ভিডিঅ’ কনফাৰেন্সত মিলিত হৈছিল মুখ্যমন্ত্ৰী। ৪০টা ঋণদাতা প্ৰতিষ্ঠানৰ ২৪ লাখ গ্ৰাহকে লৈছে ঋণ। ৪৫ লাখ বেংক একাউণ্টৰ জৰিয়তে ১২,৫০০ কোটি টকাৰ ঋণ।

এই ঋণৰ ওপৰত সুত অতিৰিক্ত। ১ লাখৰ ওপৰত ঋণ লোৱা লোকৰ সংখ্যা ১ লাখ ২৫ হাজাৰজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...