TMCHত মৃত্যু হোৱা ৰোগীৰ মৃত্য়ুৰ কাৰণ ফাদিল কৰিবলৈ উচ্চ পৰ্যায়ৰ অনুসন্ধান সমিতি গঠন

তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে দ্বায়িত্বহীনতাৰ অভিযোগ তুলি এগৰাকী মৃত ৰোগীৰ পৰিয়ালে বিচাৰিছিল ন্যায়। আজি শোণিতপুৰৰ স্বাস্থ্য বিভাগৰ আয়ুক্তলৈ লিখা এক পত্ৰযোগে এই ঘটনাৰ তদন্তৰ বাবে উচ্চ পৰ্যায়ৰ অনুসন্ধান সমিতি গঠনৰ কথা সদৰী কৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মেডিকেল অধীক্ষক ডাঃ মাধৱ চন্দ্ৰ ৰাজবংশীয়ে।

প্ৰাথমিক অনুসন্ধানত দেখা গৈছে যে, মৃতকৰ পুত্ৰই কিছু নিহিত স্বাৰ্থৰ সৈতে চিকিৎসালয় প্ৰশাসনৰ বিৰুদ্ধে মিছা অভিযোগ দিছে। ১১ জুন তাৰিখে অধ্যক্ষ-তথা-মুখ্য অধীক্ষকৰ দ্বাৰা এক উচ্চ পৰ্যায়ৰ অনুসন্ধান সমিতি গঠন কৰা হয়। আৰু সমিতিখনে ৭২ ঘণ্টাৰ ভিতৰত চূড়ান্ত প্ৰতিবেদন দিব, ডাঃ মাধৱ চন্দ্ৰ ৰাজবংশীয়ে পত্ৰযোগে সদৰী কৰিছে।

উল্লেখ্য যে, ২৬ মে’ত তেজপুৰ সৰুপাটগাৱৰ ধনমণি গোৱালা নামৰ ৬৫ বছৰীয়া মহিলা গৰাকী ক‘ভিডত আক্ৰান্ত হোৱাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ক’ভিড কক্ষত ভৰ্তি কৰোৱা হয় ৷ যোৱা ৩ জুনলৈকে ক’ভিড কক্ষতে আছিল ৰোগী গৰাকী ৷ কিন্তু ৪ জুনৰ পৰা পুত্ৰ কৰ্মেশ্বৰ গোৱালাই হাস্পতাল কোঠাত বিছাৰি নাপালে মাতৃক ৷ পুত্ৰই কৰা অভিযোগ মতে, চিকিৎসালয় কৰ্তৃপক্ষই ধনমণি গোৱালা নামৰ কোনো ক’ভিড ৰোগী ভৰ্তি হোৱা নাই বুলি দাবী কৰে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ কেইবাখনো জিলাত ধাৰাবাহিক পথ দু/ৰ্ঘ/ট/না; কেইবাজনৰো মৃ/ত্যু

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত ধাৰাবাহিক পথ দুৰ্ঘটনাই সৃষ্টি কৰিছে...

ঈশ্বৰপুত্ৰৰ আজি প্ৰথম পূণ্যতিথি; শ্ৰদ্ধাত নত অসম, সুৰত সজীৱ স্মৃতি

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম পূণ্যতিথি। জুবিন গাৰ্গৰ...