কাইলৈৰ পৰা মহানগৰীত ক’ভিড প্রতিষেধক প্ৰদানৰ বৃহৎ কাৰ্যসূচী

মহামাৰী ক’ভিডৰ পৰা সকলােকে সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্য আগত ৰাখি কামৰূপ মহানগৰ জিলাত শনি আৰু দেওবাৰে ১৮ বছৰৰ পৰা ৪৪ বছৰৰ বয়সৰ লােকসকলৰ প্ৰথমপালি ক’ভিড টিকাকৰণ এক বৃহৎ কাৰ্যসূচী গ্রহণ কৰা হৈছে। জিলাখনত মুঠ ৫৮টা কেন্দ্ৰত এই টিকাকৰণ কৰা হ’ব। কেন্দ্ৰ সমূহত অনলাইন বুকিং আৰু প্ৰতিষেধক কেন্দ্ৰত পঞ্জীয়নৰ জৰিয়তে প্রতিষেধক ল’ব পাৰিব। চৰকাৰী স্বীকৃতিপ্রাপ্ত পৰিচয়পত্ৰ লৈ ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লােকসকলে নির্দিষ্ট কেন্দ্রসমূহত প্রতিষেধক ল’ব পাৰিব। আনহাতে ৫ মে’ আৰু ৭ মে’ তাৰিখে ক’ভাক্সিনৰ প্ৰথম পালি লােৱা জিলাখনৰ ব্যক্তিসকলক অহা ১৪ জুনত একে কেন্দ্রতে একেই সময়তে দ্বিতীয় পালি ল’বলৈ আহ্বান জনােৱা হৈছে। এইক্ষেত্ৰত ক’ভাক্সিনৰ প্ৰথম পালি প্রতিষেধক লােৱা প্ৰমাণ আৰু ফটো পৰিচয়পত্ৰ নিব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২৩ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেটলৈ অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

অহা ২৪ নৱেম্বৰৰ পৰা হাৰিয়ানাত হ’বলগীয়া বি চি চি...

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...