RSSৰ কাৰ্যালয়লৈ কিয় গ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা?

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নাগপুৰস্থিত মুখ্য কাৰ্যালয়ত সংগঠনটোৰ সৰ্বোচ্চ নেতা মোহন ভাগৱতক সাক্ষাৎ কৰে। এমাহ আগতে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত এয়া আছিল ড০ শৰ্মাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্যালয়লৈ প্ৰথমটো ভ্ৰমণ। শৰ্মাই আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত এঘণ্টাৰো অধিক সময় অতিবাহিত কৰিছিল আৰু ভাগৱতৰ সৈতে বাৰ্তালাপত মিলিত হৈছিল। এই বৈঠকত কি আলোচনা হ’ল সেই বিষয়ে সংবাদ মাধ্যমক জনোৱা নাই সংঘৰ সূত্ৰই।

এই ভ্ৰমণ কালত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) প্ৰতিষ্ঠাতা ড০ কে বি হেডগেৱাৰক তেওঁৰ স্মৃতি মন্দিৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে আৰএছএছৰ অন্যতম পদাধিকাৰী এম এছ গোলৱালকাৰকো তেওঁৰ স্মৃতিচিহ্নত শ্ৰদ্ধা নিবেদন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বজাৰলৈ আহি আছে FASTag বাৰ্ষিক পাছ!

কেন্দ্ৰীয় চৰকাৰে ফাষ্টটেগৰ বাৰ্ষিক পাছৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ গৈ...

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰাৰ অভিযোগ হিন্দু যুৱ-ছাত্ৰৰ

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰা চলোৱা অভিযোগ উত্থাপন কৰিছে...

ট্ৰাম্পৰ সৈতে ৩৫ মিনিট সময় কথা পাতিলে মোদীয়ে

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ফোনত কথা-বতৰা হৈছে ভাৰতৰ...

কেদাৰনাথ যাত্ৰা পথত ভূমিস্খলন! মূৰত শিল পৰি ২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু, ৩ জন আহত

কেদাৰনাথ যাত্ৰাৰ পথত বিপৰ্যয়! বুধবাৰে কেদাৰনাথত ভূমিস্খলনৰ ফলত দুজন...