১ লাখ টকাতকৈ কম উপাৰ্জন কৰা সকলৰহে মাফ হ’ব মাইক্ৰ’ফাইনেন্সৰ ঋণ

শুকুৰবাৰে মাইক্ৰ’ফাইনেন্স ঋণ ৰেহাই সন্দৰ্ভত মন্ত্ৰী অশোক সিংঘালৰ সংবাদমেল। নিৰ্বাচনৰ প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে মাফ কৰিব মাইক্ৰ’ফাইনেন্সৰ ঋণ। কিন্তু সকলোৱে লাভ নকৰিব এই সুবিধা।

কোন, কোনে পাব এই সুবিধা?

  • ২০২০ৰ ৩১ মাৰ্চৰ পূৰ্বে ঋণ লোৱাসকলে পাব ৰেহাই
  • বছৰি ১ লাখ টকাৰ ওপৰৰ আয় অৰ্জনকাৰী এই আঁচনিত নপৰিব
  • চাৰিচকীয়া বাহন থকা পৰিয়ালো এই আঁচনিত অন্তৰ্ভুক্ত নহ’ব

উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে প্ৰথম কেবিনেটতে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই সন্দৰ্ভত গঠন কৰিছিল কমিটী। কমিটী গঠনৰ পিছত কমেও ৩বাৰ অংশীদাৰসকলৰে ভিডিঅ’ কনফাৰেন্সত মিলিত হৈছিল মুখ্যমন্ত্ৰী। ৪০টা ঋণদাতা প্ৰতিষ্ঠানৰ ২৪ লাখ গ্ৰাহকে লৈছে ঋণ। ৪৫ লাখ বেংক একাউণ্টৰ জৰিয়তে ১২,৫০০ কোটি টকাৰ ঋণ।

এই ঋণৰ ওপৰত সুত অতিৰিক্ত। ১ লাখৰ ওপৰত ঋণ লোৱা লোকৰ সংখ্যা ১ লাখ ২৫ হাজাৰজন।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...