ভয়ংকৰ দুৰ্ঘটনাত ৫৩জনৰ মৃত্যু, জীৱন-মৃত্যুৰে যুঁজ ৫৪জনৰ

ভয়ংকৰ দুৰ্ঘটনাত একেলগে ৫৩জন লোকৰ মৃত্যু ঘটিছে। দুৰ্ঘটনাত গুৰুতৰভাবে আহত হৈছে ৫৪জন লোক। এখন কাৰ্গো ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হৈ এই ভয়ংকৰ ঘটনাৰ সূত্ৰপাত ঘটে। মেক্সিকোত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। দক্ষিণ মেক্সিকোৰ ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী ট্ৰাকখন বাগৰি পৰে আৰু পথচাৰী দলঙত খুন্দা মাৰে। যাৰ ফলত ৫৩জন লোক নিহত হয় আৰু অৰ্ধ শতাধিক লোক আহয় হয়। মধ্য আমেৰিকাৰ পৰা তীৰ্থযাত্ৰাৰ বাবে গৈছিল দলটো। আহতসকলক চিয়াপাছ হাস্পতালত ভৰ্তি কৰি চিকিত্সা প্ৰদান কৰি থকা হৈছে। আহতসকলৰ মাজৰ কেইবাজনৰো অৱস্থা সংকটজনক। চিয়াপাছ অসামৰিক প্ৰতিৰক্ষা কাৰ্যালয়ৰ মুৰব্বীয়ে সমগ্ৰ ঘটনাটো পৰ্যবেক্ষণ কৰি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...