ভয়ংকৰ দুৰ্ঘটনাত ৫৩জনৰ মৃত্যু, জীৱন-মৃত্যুৰে যুঁজ ৫৪জনৰ

ভয়ংকৰ দুৰ্ঘটনাত একেলগে ৫৩জন লোকৰ মৃত্যু ঘটিছে। দুৰ্ঘটনাত গুৰুতৰভাবে আহত হৈছে ৫৪জন লোক। এখন কাৰ্গো ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হৈ এই ভয়ংকৰ ঘটনাৰ সূত্ৰপাত ঘটে। মেক্সিকোত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। দক্ষিণ মেক্সিকোৰ ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী ট্ৰাকখন বাগৰি পৰে আৰু পথচাৰী দলঙত খুন্দা মাৰে। যাৰ ফলত ৫৩জন লোক নিহত হয় আৰু অৰ্ধ শতাধিক লোক আহয় হয়। মধ্য আমেৰিকাৰ পৰা তীৰ্থযাত্ৰাৰ বাবে গৈছিল দলটো। আহতসকলক চিয়াপাছ হাস্পতালত ভৰ্তি কৰি চিকিত্সা প্ৰদান কৰি থকা হৈছে। আহতসকলৰ মাজৰ কেইবাজনৰো অৱস্থা সংকটজনক। চিয়াপাছ অসামৰিক প্ৰতিৰক্ষা কাৰ্যালয়ৰ মুৰব্বীয়ে সমগ্ৰ ঘটনাটো পৰ্যবেক্ষণ কৰি আছে।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...