তেজস্বী যাদৱৰ শুভ পৰিণয়, কইনা কোন জানেনে?

বিবাহজনপ্ৰিয় যুৱ নেতা তেজস্বী যাদৱৰ শুভ পৰিণয়। বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা লালুপ্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱে আৰম্ভ কৰিলে নিজৰ দ্বিতীয় ইনিংছ।

শৈশৱৰ লগৰী তথা বৰ্তমানৰ হাৰিয়ানাৰ নিবাসী ৰেচলৰ সৈতে প্ৰণয়পাশত আবদ্ধ হয় তেজস্বী যাদৱ। এয়াৰ হোষ্টেচ ৰূপে কৰ্মৰত ৰেচল সহপাঠী আছিল তেজস্বীৰ।

একেলগে পঢ়া দিনৰে পৰা দুয়োৰে সুসম্পৰ্ক আছিল। পিছলৈ এই বন্ধুত্বই প্ৰেমৰ ৰূপ পালে আৰু অগ্নিক সাক্ষী কৰি চিৰজীৱনৰ লগৰী হ’ল তেজস্বী-ৰেচল।

তেজস্বী যাদৱ বিহাৰৰ সৰ্ববৃহৎ ৰাজনৈতিক পৰিয়ালৰ সন্তান। তেজস্বীৰ দেউতাক লালুপ্ৰসাদ যাদৱ আৰু মাতৃ ৰাবড়ী দেৱী বিহাৰৰ মুখ্যমন্ত্ৰী আছিল।

লালুৰ কনিষ্ঠ সন্তান হোৱা স্বত্ত্বেও ৰাজনীতিত চমক দেখুৱাবলৈ সক্ষম হৈছে তেজস্বী যাদৱে। ১৯৯০ চনৰ পৰা ২০০৫লৈ বিহাৰৰ ৰাজনীতিত লালুপ্ৰসাদৰ আছিল সোণালী দিন।

২০১৫ চনত লালুপ্ৰসাদ যাদৱে নীতিশ কুমাৰৰ সৈতে হাত মিলাই দুই পুত্ৰ তেজস্বী আৰু তেজপ্ৰতাপ যাদৱক ৰাজনৈতিক পথাৰত নমাইছিল আৰু প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল নিৰ্বাচনত।

মহাজোঁটৰ অধীনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত মোদী ঢৌক একাংশৰীয়া কৰি দুয়োজন ভাতৃয়ে বৃহৎ ব্যৱধানত জয়ী হৈছিল। দুয়োকে চৰকাৰত সুকীয়া বিভাগো হস্তান্তৰ কৰা হৈছিল।

তেতিয়াৰ পৰা দুয়োজন ভাতৃ বিহাৰৰ ৰাজনীতিত সক্ৰিয় ভূমিকা লৈ আহিছে।

তেজস্বী যাদৱক পিতৃ লালুপ্ৰসাদ যাদৱে ৰাজনৈতিক উত্তৰাধিকাৰী হিচাপে গণ্য কৰি আহিছে।

বিবাহপাশত আবদ্ধ হ’ল বিহাৰৰ মষ্ট এলিজিবল বেচ্চলৰ তেজস্বী যাদৱ

সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱসহ ৰাজনৈতিক নেতা, খেলুৱৈ, চলচ্চিত্ৰ জগতৰ তাৰকা আৰু আত্মীয় উপস্থিত আছিল বিবাহত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...