সকলো শেষ, এতিয়া বেচিবলৈ আছেগৈ মাথোঁ কিডনীহে! পোহৰলৈ আহিছে নিৰ্মম ছবি।

গণতন্ত্ৰকামী চৰকাৰৰ পতনৰ পিছতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আফগানিস্তানত। চৰম বিত্তীয় সংকটৰ মুখামুখি হৈছে সাধাৰণ জনগণ। শ শ লোকে হেৰুৱাইছে চাকৰি, হাজাৰ হাজাৰ লোকৰ কাম নোহোৱা হৈছে। কৰ্মবিমুখ আৰু পৰিয়াল পোহপাল দিয়া লোকসকলে এতিয়া চৰম অৰ্থসংকটত পৰিছে। শীতকাল নামি অহাৰ পিছতে পৰিস্থিতি আৰু ভয়ংকৰ হৈ পৰিছে। জীৱন-জীৱিকাৰ বাবে মানুহবোৰ উপায়হীন হৈ পৰিছে। পৰিণতিত কোনোবাই নিজৰ আবাসগৃহকে বেচি দিছে। কোনোবাই ঘৰৰ আচবাব, সা-সামগ্ৰী, গহণা আৰু মূল্যবান সকলো সামগ্ৰী বিক্ৰী কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিস্থিতি ইমান ভয়াৱহ হৈছে যে, মানুহে বেচি বেচি সকলো হেৰুওৱাৰ পিছত বিক্ৰীৰ বাবে আৰু একো বাকী নথকাত শৰীৰৰ অংগকে বেচিবলৈ উদ্যত হৈছে। যিকোনো বিনিময়ত পৰিয়াল পোহপাল দিয়াৰ বাবে আৰু নিজে জীয়াই থকাৰ তাড়নাত বৃক্ক বেচিবলৈ ৰাজী হৈছে একাংশ উপায়হীন লোক। যাৰ বাবে গছৰ ডালে ডালে, পাতে পাতে ওলমিছে বৃক্ক বেচাৰ অথবা কিডনী উপলব্ধ থকাৰ প্লেকাৰ্ড।

আমেৰিকাই নিজৰ সেনা প্ৰত্যাহাৰৰ পিছতে আফগানিস্তানত কেতিয়াও আশা নকৰা এক দুৰ্ভিক্ষসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। সকলো আগশাৰীৰ প্ৰতিষ্ঠানে তালি-টোপোলা বান্ধি আফগানিস্তান এৰাৰ পিছত চাৰিওফালে মাথোঁ যুদ্ধৰ দামামা, অস্ত্ৰৰ ঝনঝননি। এনে প্ৰেক্ষাপটত সাধাৰণ লোকৰ বাবে বন্ধ হৈ পৰিছে সকলো পথ। এই নিৰপৰাধী, সাধাৰণ লোকসকলৰ বাবে জীয়াই থকাটো অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীৰ বিধায়ক ভুবন গামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী

অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ পৱিত্ৰ সত্ৰ-সমাজৰ...

ব’লবমৰ বাবে পানী আনিবলৈ গৈ লুইতত সন্ধানহীন পিতা-পুত্ৰ

ব'লবমৰ আনন্দোল্লাসৰ মাজতে ডিব্ৰুগড়ৰ মাইজানত সংঘটিত হৈছে এক শোকাৱহ...

ছাইৰ আঘাত, ছৰফৰাজৰ ভাগ্যোদয়!

অপেক্ষাৰ অন্ত পৰিল। ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে ৰান সংগ্ৰহ কৰি...

গুজৰাটৰ মুখ্যমন্ত্ৰীক কমনৱেল্থ গেমছৰ পতাকা প্ৰদান: ২০৩০চনৰ মেগা ইভেণ্টৰ প্ৰস্তুতিৰ আনুষ্ঠানিক শুভাৰম্ভ

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক (Bhupendra Patel) আনুষ্ঠানিকভাৱে ২০৩০ চনৰ...