জুন মাহত মৰিয়নিত বিদ্যুৎ বিভাগে সংগ্ৰহ কৰিলে তিনি লাখৰো অধিক জৰিমনা

গুৱাহাটী, ২ জুলাই, NKTV: মৰিয়নিত বিদ্যুৎ বিভাগৰ অভিযান। অভিযানক্ৰমে এটা মাহৰ ভিতৰতেই বিদ্যুৎ বিভাগে সংগ্ৰহ কৰিলে তিনি লাখৰো অধিক জৰিমনা। ইয়াৰ উপৰিও মৰিয়নিত বিদ্যুৎ বিভাগে কেৱল জুন মাহৰ ভিতৰতেই প্ৰায় এক কোটি ত্ৰিছ লাখ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।
উল্লেখ যে শক্তি মন্ত্ৰী বিমল বৰাই বিদ্যুৎ চুৰি আৰু বিদ্যুৎ মাচুলক লৈ তৎপৰ হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যৰ বিদ্যুৎ বিভাগ সমূহো তৎপৰ হৈ উঠিছে। ইয়াৰ সমান্তৰালভাৱে মৰিয়নিৰ বিদ্যুৎ বিভাগটোও তৎপৰ হোৱা পৰিলক্ষিত হৈছে। মৰিয়নি নাগাজংকাস্থিত বৈদ্যুতিক উপ সংমণ্ডলৰ উপ সংমণ্ডল বিষয়া জ্যোতি প্ৰসাদ পেগুৰ নেতৃত্বত মৰিয়নিৰ বিভিন্ন ঠাইত এটা অভিযানকাৰী নিজৰ অভিযান আৰম্ভ কৰিছিল। অভিযানক্ৰমে মৰিয়নিৰ বিভিন্ন ঠাইৰ পৰা বিদ্যুৎ চুৰি কৰা ব্যক্তিসকলৰ পৰা কেৱল জুন মাহৰ ভিতৰতেই তিনি লাখৰো অধিক জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাৰ লগতে এক কোটি ত্ৰিছ লাখ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...