অভিনয় জগত ত্যাগ কৰিলে ইমৰান খানে!

0 11

‘আই হেট লাভ ষ্টৰী’ৰ ইমৰান খানক মনত আছে নে? সেই যে সুন্দৰ, সুঠাম চেহেৰাৰ অভিনেতাজন… যিজন অভিনেতাই দুই-এখন ছবিৰ পিছতে বলীউডপ্ৰেমী সকলৰ হাৰ্টথ্ৰৱ হৈ পৰিছিল। আব্বাছ টায়াৰৱালাৰ Jaane Tu… Ya Jaane Naৰ দ্বাৰা ছবি জগতত প্ৰৱেশ কৰা অভিনেতা জন বহু বছৰ ধৰি বলীউডৰ পৰা নিলগত অৱস্থান কৰিছে। আই হেট লাভ ষ্ট’ৰীজ, দিল্লী বেলী, এক মই ঔৰ একটু আৰু মেৰে ব্ৰাদাৰ কি দুলহান ইত্যাদি ছবিৰে খুব কম সময়তে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছিল অভিনেতাগৰাকী। অৱশ্যে, তেওঁ কেৰিয়াৰৰ বেছিভাগ সময় সংগ্ৰামেৰে বাট বুলিবলগা হৈছিল।

অভিনেতাজনৰ অন্তিম খন ছবি আজিৰ পৰা ছয় বছৰ পূৰ্বে নিখিল আদৱানীৰ কাট্টি-বাট্টিত কংগনা ৰাণাৱটৰ বিপৰীতে আছিল। তাৰ পিছত, তেওঁক আৰু পুনৰ পৰ্দাত দেখা পোৱা নগ’ল। বিগত বৰ্ষৰ নৱেম্বৰত, তেওঁৰ বন্ধু তথা অভিনেতা অক্ষয় অবেৰয়ে আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছিল যে অভিনেতাজনে অভিনয় ত্যাগ কৰিছে।

কাইলৈ দিল্লী বেলীৰ মুক্তিৰ ১০ বছৰ পূৰ্ণ হ’ব আৰু এই বিশেয ক্ষণত পৰিচালক অভিনয় দেওৱে কয় যে যেতিয়া তেওঁ ইমৰানৰ এই সিদ্ধান্তৰ বিষয়ে জানিব পাৰিছিল, তেতিয়া তেওঁ দুখ অনুভৱ কৰিছিল। এক সাক্ষাতকাৰত পৰিচালক গৰাকীয়ে কয় যে, ইমৰান এজন ভাল ল’ৰা আৰু তেওঁ এই উদ্যোগত থাকিব লাগে। তেওঁ এজন প্ৰতিভাশালী ল’ৰা। তেওঁ এজন প্ৰশিক্ষিত চলচ্চিত্ৰ নিৰ্মাতা আৰু এজন লেখকো। মই অনুভৱ কৰোঁ যে, তেওঁ যিকোনো ৰূপত তেওঁৰ সৃষ্টিশীলতা প্ৰকাশ কৰিব লাগে। ইমৰানে মোৰ কেইখনমান চলচ্চিত্ৰ অস্বীকাৰ কৰিছিল কাৰণ তেওঁ কৈছিল যে তেওঁ অভিনয় জগতৰ পৰা শীঘ্ৰেই মেলানি মাগিব। অন্যথা তেওঁ চাৰি বছৰ আগতে মোৰ এখন চলচ্চিত্ৰৰ অংশ হ’লহেঁতেন।

প্ৰবল সম্ভাৱনাপূৰ্ণ অভিনেতা গৰাকীয়ে কিয় বলীউডৰ পৰা আঁতৰি আছে, সেই বিষয়ে অৱশ্যে আজিলৈকে ইমৰান খানে আনুষ্ঠানিকভাৱে কোনো কথা প্ৰকাশ কৰা নাই।

Leave A Reply

Your email address will not be published.