অভিনেত্ৰী য়ামী গৌতমক জেৰা EDৰ

গুৱাহাটী, ২ জুলাই, NKTV: বলীউডৰ মোহময়ী অভিনেত্ৰী য়ামী গৌতমক বুধবাৰে মুম্বাইৰ প্ৰৱৰ্তন সঞ্চালকালয়ে বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (FEMA)উলংঘনৰ অভিযোগত জেৰা চলায়। তদন্ত সংস্থাটোৱে তেওঁৰ বেংক একাউণ্টত ₹১.৫ কোটি বৈদেশিক মুদ্ৰাৰ লেনদেন ধৰা পেলাইছে।

৩২ বছৰীয়া অভিনেত্ৰী গৰাকীক পূৰ্বতেও জেৰাৰ বাবে মাতি পঠোৱা হৈছিল কিন্তু তেওঁ সংস্থাটোৰ সন্মুখত হাজিৰ হ’ব নোৱাৰিলে। যদিও বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইনৰ অসামৰিক প্ৰক্ৰিয়াৰ অধীনত তদন্ত চলি আছে। য়ামী গৌতমে যোৱা মাহত চলচ্চিত্ৰ পৰিচালক আদিত্য ধৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।

অভিনেত্ৰী গৰাকীক শেষবাৰৰ বাবে পুনীত খান্নাৰ ‘জিনি ৱেডছ চানী’ শীৰ্ষক ছবিখনত দেখা পোৱা গৈছিল। কেইমাহমান পূৰ্বে নেটফ্লিক্সত মুক্তি পোৱা ছবিখনত তেওঁক বিক্ৰান্ত মেছীৰ সৈতে দেখা গৈছিল। তেওঁ বালা, যুধম, বদলাপুৰ, চনম ৰে, কাবিল আৰু উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক আদি চলচ্চিত্ৰত অভিনয় কৰিছে। প্ৰতিভাশালী অভিনেত্ৰী গৰাকীয়ে আয়ুষ্মান খোৰানাৰ সহ-অভিনেত্ৰী হিচাপে বিকি ডোনাৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...