ক’ৰোনাই কৰুণ কৰি তুলিছে বেণ্ডপাৰ্টিৰ শিল্পী সকলৰ জীৱন

গুৱাহাটী, ২ জুলাই, NKTV: সৰুৰে পৰা ড্ৰামচেট বজাই ভাল পোৱা এগৰাকী যুৱতী। ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰম আৰ্থিক সংকটত ভুগিছে দৰং ওদালগুৰি সীমামূৰীয়া মিছা হাতখোলা পূৱ বগৰিবাৰী গাঁৱৰ এটি দৰিদ্ৰ পৰিয়াল। জীৱনত স্বাধীন ভাৱে জীয়াই থাকি নিজৰ ভৰিত নিজে থিয় দি আগবাঢ়িব খোজা দৰিদ্র পৰিয়ালটোৰ কন্যা উপমা ডেকাই শিল্প সাধনাৰ লগতে নিজৰ আৰু পৰিয়ালৰ উপাৰ্জনৰ সম্বল হিচাপে আগবাঢ়ি এতিয়া ক’ভিড পৰিস্থিতিৰ বাবে থমকি ৰ’ব লগা হৈছে। ফলত উপমাৰ বেণ্ড পাৰ্টি শিল্পী সকলৰ লগতে উপমাৰ পৰিয়াল মাজলৈ নামি আহিছে আৰ্থিক সংকট। ক’ভিড মহামাৰীৰ এই সময়ছোৱাত উপমাৰ দৰে গ্ৰামাঞ্চলৰ শিল্পী সকলক সকাহ দিবলৈ চৰকাৰক আহ্বান জনাইছে উপমাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...