ক’ৰোনাই কৰুণ কৰি তুলিছে বেণ্ডপাৰ্টিৰ শিল্পী সকলৰ জীৱন

গুৱাহাটী, ২ জুলাই, NKTV: সৰুৰে পৰা ড্ৰামচেট বজাই ভাল পোৱা এগৰাকী যুৱতী। ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰম আৰ্থিক সংকটত ভুগিছে দৰং ওদালগুৰি সীমামূৰীয়া মিছা হাতখোলা পূৱ বগৰিবাৰী গাঁৱৰ এটি দৰিদ্ৰ পৰিয়াল। জীৱনত স্বাধীন ভাৱে জীয়াই থাকি নিজৰ ভৰিত নিজে থিয় দি আগবাঢ়িব খোজা দৰিদ্র পৰিয়ালটোৰ কন্যা উপমা ডেকাই শিল্প সাধনাৰ লগতে নিজৰ আৰু পৰিয়ালৰ উপাৰ্জনৰ সম্বল হিচাপে আগবাঢ়ি এতিয়া ক’ভিড পৰিস্থিতিৰ বাবে থমকি ৰ’ব লগা হৈছে। ফলত উপমাৰ বেণ্ড পাৰ্টি শিল্পী সকলৰ লগতে উপমাৰ পৰিয়াল মাজলৈ নামি আহিছে আৰ্থিক সংকট। ক’ভিড মহামাৰীৰ এই সময়ছোৱাত উপমাৰ দৰে গ্ৰামাঞ্চলৰ শিল্পী সকলক সকাহ দিবলৈ চৰকাৰক আহ্বান জনাইছে উপমাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে...

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...