পুনৰ জ্বলি উঠিছে মণিপুৰ

উগ্ৰপন্থী দমনৰ বাবে অভিযান চলাই থকাৰ মাজতে পুনৰ জ্বলি উঠিছে মণিপুৰ। শুকুৰবাৰৰ পৰা পুনৰ অশান্ত হৈ পৰিছে সংঘৰ্ষজৰ্জৰ ৰাজ্যখন। শনিবাৰে পুৱা গুলীয়াগুলীত ৪ উগ্ৰপন্থীসহ ৬ জন লোকৰ মৃত্যু হোৱাৰ পিছত দেওবাৰে প্ৰতিবাদলৈ ওলাই আহিল ছাত্ৰ সমাজ। একেলগে ছাত্ৰ-ছাত্ৰীয়ে শ্ল’গান দিলে, ‘যুদ্ধ বন্ধ কৰা’।

বিগত বৰ্ষৰ ৩ মে’ৰ পৰা অশান্ত হৈ আছে মণিপুৰ। কুকি, মেইটেইৰ সংঘাতে ৰাজ্যখন হিংসাজৰ্জৰ কৰি তুলিলে। ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস হৈ যোৱাৰ উপক্ৰম হ’ল। পুনৰ একেই পৰিস্থিতিৰ উদ্ভৱ হৈছে। সেয়ে সংঘাত বন্ধ কৰাৰ বাবে ছাত্ৰ–ছাত্ৰীয়ে আশ্ৰয় লৈছে প্ৰতিবাদৰ।

শুকুৰবাৰে কুকি উগ্ৰপন্থীয়ে নিক্ষেপ কৰে ৰকেট প্ৰপেলড বোমা। মণিপুৰৰ প্ৰথমজন মুখ্যমন্ত্ৰী মাইৰেমবাম মৈৰেং সিঙৰ বাসভৱনত চলে এই আক্ৰমণ। পূজাস্থলীতে চলা আক্ৰমণত নিহত হয় এজন লোক। আহত হয় ১৩ বছৰীয়া কিশোৰীসহ ৫গৰাকী। কুকি উগ্ৰপন্থীয়ে ৰকেট, মৰ্টাৰ লৈ চলাইছিল আক্ৰমণ। এই আক্ৰমণত তচনচ হৈছে বাসগৃহটো।

এই আক্ৰমণৰ সমান্তৰালভাৱে সেনা-আৰক্ষীয়ে চলোৱা অভিযানত জব্দ হৈছে বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। জিৰিবামত চলোৱা অভিযানত শনিবাৰে ৬ উগ্ৰপন্থী নিহত হোৱা বুলি প্ৰকাশ পাইছে। উগ্ৰপন্থীৰ ৩টাকৈ বাংকাৰ ধ্বংস কৰিছে নিৰাপত্তা বাহিনীয়ে। নিশ্ছিদ্ৰ তালাচী চলিছে ঠায়ে ঠায়ে। ইয়াৰ মাজতে

শনিবাৰৰ পৰা দুবাৰকৈ ৰাজ্যপালক সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে। মণিপুৰত শান্তি স্থাপনৰ বাবে সৰ্বোচ্চ ক্ষমতা বিচাৰি মুখ্যমন্ত্ৰীৰ আবেদন। বৰ্তমান কেন্দ্ৰীয় গৃহ দপ্তৰৰ নেতৃত্বাধীন নিৰাপত্তা বাহিনী আছে মণিপুৰত।

শনিবাৰে নিশা ৰাজ্যপাল লক্ষ্মণ আচাৰ্যক মুখ্যমন্ত্ৰী বীৰেণ সিঙে সাক্ষাৎ কৰাৰ পিছত দেওবাৰে পুনৰ ৰাজভৱনলৈ যায় মুখ্যমন্ত্ৰী। বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হ’লেও কেন্দ্ৰৰ ওপৰত বীৰেণ সিঙে আস্থা হেৰুৱাইছে বুলি চৰ্চা হৈছে। একাধিকবাৰ মন্ত্ৰী সভাৰ বৈঠকো অনুষ্ঠিত কৰিছে মুখ্যমন্ত্ৰীজনে। কিন্তু এতিয়াও মণিপুৰক শান্ত কৰাৰ পথ ওলোৱা নাই। চলি আছে আক্ৰমণ, প্ৰত্যাক্ৰমণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...