বিয়াৰ ৬ বছৰৰ পাছত সন্তানক আদৰিলে দীপিকা-ৰণবীৰে

২৮ ছেপ্টেম্বৰত প্ৰথম সন্তানক আদৰিলে বলিউডৰ জনপ্ৰিয় ষ্টাৰ দম্পতী ৰণবীৰ সিং আৰু দীপিকা পাডুকনে। দেওবাৰে ইনষ্টাগ্ৰামত এই খবৰ নিশ্চিত কৰিলে ৰণবীৰ সিঙে৷ “ৱেলকাম বেবী গাৰ্ল” শীৰ্ষক পোষ্টটো শ্বেয়াৰ কৰি দীপিকা মাতৃ হোৱাৰ কথা জনালে ৰণবীৰে। সম্প্ৰতি ৰণবীৰ-দীপিকাৰ ঘৰত উখল-মাখল পৰিৱেশ। এই খবৰৰ পাছতে তাৰকা দম্পতিলৈ শুভেচ্ছা অনুৰাগীৰ।

বলিউডৰ তাৰকাসকলৰো শুভেচ্ছা ৰণবীৰ-দীপিকালৈ। আলিয়া ভাটে, শ্ৰদ্ধা কাপুৰ, প্ৰিয়ংকা চোপ্ৰাই জনালে শুভেচ্ছা। তাৰকাদ্বয়লৈ শুভেচ্ছা কৰিণা কাপুৰৰো।

শনিবাৰে দক্ষিণ মুম্বাইৰ ৰিলায়েন্স হাস্পতালত মাতৃ হ’ল দীপিকা পাডুকন। প্ৰসৱৰ পূৰ্বে শুকুৰবাৰে মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰ দৰ্শন কৰিছিল ৰণবীৰ-দীপিকাই। শনিবাৰে গণেশ পূজা অনুষ্ঠিত হোৱাৰ পাছতে চিকিত্সালয়ত ভৰ্তি হৈছিল দীপিকা। চিকিত্সকৰ পৰামৰ্শ অনুসৰি ২৮ ছেপ্টেম্বৰত মাতৃ হোৱাৰ কথা আছিল দীপিকা। কিন্তু তাৰ পূৰ্বেই দীপিকাৰ কোলালৈ আহিল এটি কন্যা সন্তান। এই ধুনীয়া সময়খিনিত অগণন লোকে শুভাশীষ যাচিছে ৰণবীৰ-দীপিকা আৰু তেওঁলোকৰ নৱজাতকলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...