ধৰালৈ আকৌ আহিছে শৰৎ

এয়া যেন শৰতৰ আগমনৰ সময়। দুৱৰি দলিচাত নিয়ৰৰ মুকুতা সানি চৌদিশে বিয়পি পৰিছে শৰৎ আগমনৰ সুবাস। শুভ্ৰ আঁচল উৰুৱাই ফুলিছে নৈৰ পাৰৰ কঁহুৱা। শুকুলা কঁহুৱাই হাত বাউলি মাতিছে শৰতক। আহিনৰ আচলত ধৰি পুনৰ ধৰাৰ বুকুলৈ আহিব শৰৎ। শৰতৰ আগমনৰ লগে লগেই আৰম্ভ হয় উৎসৱৰ বতৰ। উৎসৱ আগমনৰ বার্তাত মন-প্ৰাণ হৰি নিয়াৰ সময় এয়া। বৰ্ষাক্ত মনটোক অশান্ত কৰিবলৈ যেন আকৌ ফুলিছে কঁহুৱা। নৈ-জান-জুৰিৰ কাষে কাষে ফুলি উঠিছে শাৰী শাৰী কঁহুৱা।

জোনাইৰ চিয়াং নদীৰ পাৰতো কঁহুৱাৰ নান্দনিক দৃশ্য। শুভ্ৰ দলিচা পাৰি চৌদিশে ফুলিছে কঁহুৱা। কঁহুৱাৰ সৌন্দৰ্য্যত কবিৰ কলমত প্ৰান পাইছে কবিতাই, শিল্পীয়ে সৃষ্টি কৰিছে সুমধুৰ গীতৰ। ইফালে নৈ পাৰত বহি কঁহুৱাৰ সুবাস লৈ যুৱতীসকলে গাইছে ঐনিতম। শুভ্ৰ কঁহুৱাৰ আচ্ছাদনে প্ৰতিজনৰে মনলৈ নমাই আনিছে গভীৰ শীতলতা। কঁহুৱা ফুলৰ নয়নাভিৰাম দৃশ্যই যেন মানুহৰ মনলৈও কঢ়িয়াই আনিছে নতুন সম্ভাৱনা। এনেদৰেই এতিয়া শৰতৰ আগমনে কঁহুৱা ফুলৰ শুভ্ৰতাই পুলকিত কৰিছে সকলোৰে মন-প্ৰাণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিয়া-ৰামানুজ-ৰক্তাক্ত কোঠা আৰু কিছু অকথ্য…

মাতৃ-পিতৃ-ভাতৃ আৰু সকলোতকৈ ভালপোৱা মানুহজনৰ লগত বিয়া হৈ মৰমৰ...

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...