ৰাজ্যত যুৱতী-নাৰীৰ সুৰক্ষা এতিয়া শূন্য!

দিল্লীৰ নিৰ্ভয়াই হওক, কলকাতাৰ অভয়াই হওক, নামবিহীনা কোনোবা নিৰ্যাতিতাই হওক ধিঙৰ। দেশ-ৰাজ্য, সুগম-দুৰ্গম সকলো অঞ্চলতে আজি নাৰীৰ সুৰক্ষা শূন্য। নহ’লেনো এটা সুসংবদ্ধ ন্যায় ব্যৱস্থা থকাৰ পিছতো, একোটা বৃহৎ প্ৰশাসন যন্ত্ৰ, আৰক্ষীৰ স্মাৰ্টনেছ থকাৰ সময়তো ঠায়ে ঠায়ে নিৰ্যাতিতা হৈয়েই থাকে নে নাৰী? এইবাৰ এটা ৰহস্যৰ আৱৰ্তত সোমাই পৰা ঘটনা সংঘটিত হ’ল। ঘটনাৰ স্থান মৰিগাঁৱৰ মিকিৰভেটা আৰক্ষী চকীৰ অন্তৰ্গত বৰবড়ি আৰু কালিকাজাৰীৰ মাজৰ এটা পুখুৰী। পুখুৰীৰ পাৰত বুজন লোকৰ ভিৰ। ভিৰটোৱে উত্সুকতাৰে চাই আছে পুখুৰীলৈ। পুখুৰীত কিবা এটা ওপঙি আছে। স্থানীয় ৰাইজে উদ্ধাৰ কৰিলে। সেইটো এগৰাকী যুৱতীৰ মৃতদেহ। হুৱা-দুৱা লাগিল অঞলটোত। প্ৰত্যক্ষদৰ্শীৰ মতে- উলংগ অৱস্থাত উপঙি আছিল যুৱতীগৰাকীৰ মৃতদেহ। পুখুৰীত ভাসমান মৃত যুৱতীৰ পৰিচয় : অজ্ঞাত। যুৱতীগৰাকী স্থানীয় নহয়।

মৃতদেহটো প্রত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো চমজি লয় আৰক্ষীয়ে। দেশ-দুনিয়াৰ শেহতীয়া বা-বাতৰিৰ পৰা অনুমান কৰি, উলংগ অৱস্থাত এগৰাকী অচিনাক্ত যুৱতীৰ মৃতদেহ এনেদৰে পুখুৰীত উদ্ধাৰ হোৱাত ধর্ষণ-হত্যাৰ সন্দেহ কৰিছে ৰাইজে।

এতিয়া আৰক্ষীৰ তদন্তই পোহৰাব ঘটনাৰ ওপৰৰ ৰহস্যৰ ছাঁ। উদঙাব, দুৰ্গাক পূজাৰ দেশত আকৌ এবাৰ লুণ্ঠিত হল নেকি মানৱতা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...