মন্দিৰৰ চৌহদতে ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড নৰাধমৰ!

ৰাজ্যত-দেশত যেন এতিয়া সুৰক্ষিত নহয় নাৰী! দেৱীক পূজা কৰা দেশখনত শেহতীয়াকৈ সংঘটিত হোৱা ঘটনাবোৰে তাকেই যেন প্ৰমাণ কৰিছে। এইবাৰ গোলকগঞ্জত সংঘটিত হৈছে জঘন্য ধৰ্ষণৰ ঘটনা। মন্দিৰৰ চৌহদতে ছাত্ৰীক ধৰ্ষণ নৰাধমৰ। নিৰ্মল পাল নামৰ পাষণ্ডটোৰ এই কাণ্ড। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক দুৰ্গা মন্দিৰ চৌহদত ধৰ্ষণ। ধৰ্ষণৰ পাছত ছাত্ৰীক হত্যাৰ ভাবুকি। একাংশ লোকে মেল পাতি গাপ দিব বিচাৰে ঘটনাটো। সোমবাৰে ঘটনা সন্দৰ্ভত ছাগলীয়া থানাত এজাহাৰ। আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত নিৰ্মল পালক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত NIAৰ অভিযান; ৬ সন্দেহজনক জেহাদী গ্ৰেপ্তাৰ

ৰাজ্যৰ কেইবাটাও স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই সন্দেহজনক জেহাদী...

গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত; খেদি খেদি গ্ৰেপ্তাৰ ডকাইতৰ দল

মহানগৰ আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত। ছয়মাইলৰ পৰা খেদি...

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু SIRক লৈ আবেদন; অহা সপ্তাহত শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু দেশজুৰি...