১,২০০ উচ্ছেদিত পৰিয়ালক চৰকাৰে ক’ত দিব সংস্থাপন?

শিলাসাঁকো আৰু প্ৰতিবাদ। এই দুয়োটা যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। অৱশেষত আহিছে সকাহৰ খবৰ। শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণ, পুনঃসংস্থাপন দিব চৰকাৰে। আঢ়ৈ বছৰৰ পাছত উচ্ছেদিত পৰিয়ালৰে আলোচনাত বহিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ আশ্বাসক লৈ উৎফুল্লিত শিলসাঁকোৰ উচ্ছেদিত পৰিয়াল। পুনঃসংস্থাপন আৰু ক্ষতিপূৰণ বিচাৰি বিগত আঢ়ৈটা বছৰে সংগ্ৰাম কৰি আহিছিল শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালসমূহে। কেতিয়াবা শিলসাঁকোত প্ৰতিবাদ কৰিছিল। কেতিয়াবা ঘেৰাও কৰিছিল দিছপুৰ। কেতিয়াবা ৰোষত পৰিছিল আৰক্ষীৰ। কেতিয়াবা ওজাগৰে কটাইছিল নিশা। কিন্তু খিলঞ্জীয়া উচ্ছেদিত পৰিয়ালসমূহৰ আৰ্তনাদ ইমান দিনে শুনা নাছিল দিছপুৰে। ইয়াৰ বিপৰীতে প্ৰাপ্য বিচাৰি প্ৰতিবাদ কৰাৰ সময়তো বিগত সময়ছোৱাত আৰক্ষী অথবা প্ৰশাসনীয় বিষয়াসকলৰপৰা বিভিন্ন প্ৰকাৰে অপমানিত হ’বলগীয়া হৈছিল প্ৰতিবাদকাৰীসকলে। উল্লেখযোগ্য, বিগত আঢ়ৈটা বছৰে শিলসাঁকোত উচ্ছেদিত হৈছে প্ৰায় ১২শ পৰিয়াল। জীৱনৰ কষ্টোপৰ্জাতি ধনেৰে নিৰ্মাণ কৰা সপোনৰ ঘৰখন নিমিষতে হেৰুৱাই এতিয়া মহানগৰীৰ বিভিন্ন ভাৰাঘৰত আশ্ৰয় লৈ আছে অধিকাংশ উচ্ছেদিত পৰিয়ালে। ইপিনে ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে শিলসাঁকোৰ উচ্ছেদিত খিলঞ্জীয়া পৰিয়ালসমূহক ক্ষতিপূৰণ তথা পুনঃ সংস্থাপন দিয়াৰ বাবে চিন্তা–চৰ্চা চলাইছে দিছপুৰে। ইয়াৰ পূৰ্বে উচ্ছেদিত পৰিয়ালসমূহৰ ক্ষোভ নিৰাময়ৰ বাবেও পদক্ষেপ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ অংশ হিচাপে দেওবাৰে সন্ধিয়া শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালসমূহৰ সৈতে সচিবালয়ৰ লোক সেৱা ভৱনত এক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আঢ়ৈ বছৰৰ মূৰত উচ্ছেদিত পৰিয়ালৰে প্ৰথমখন বৈঠক মুখ্যমন্ত্ৰীৰ। এই বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উচ্ছেদিত পৰিয়ালসমূহৰ দাবী- চৰকাৰে কিছু পৰিমাণে হ’লেও বৃদ্ধি কৰিব লাগে ক্ষতিপূৰণৰ পৰিমাণ। কেঁচা ঘৰৰ বাবে ১ লাখ টকা। অসম আৰ্হিৰ পকী ঘৰৰ বাবে ৫ লাখ টকা। আৰ.চি.চি. ঘৰৰ বাবে ১০ লাখ টকা দিব লাগে চৰকাৰে। এই দাবী জনাইছে উচ্ছেদিত পৰিয়ালসমূহে। ইপিনে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশ্বাসত আশ্বস্ত হৈছে শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালসমূহ। কিন্তু কেৱল আশ্বাস দিলেই নহ’ব। শীঘ্ৰে এই ঘোষণা কাৰ্যকৰী কৰাৰ দাবী জনালে উচ্ছেদিত লোকসকলে। কিন্তু এই মুহূৰ্তত বহুতৰে মনত প্ৰশ্ন উত্থাপিত হৈছে- ১,২০০ উচ্ছেদিত পৰিয়ালক চৰকাৰে প্ৰকৃততে ক’ত দিব সংস্থাপন? গুৱাহাটীৰ আশে-পাশে বাৰশ পৰিয়ালক সংস্থাপন দিবলৈ খালী আছে নে বিশাল চৰকাৰী ভূমি? সেয়া যিয়েই নহওক। অৱশেষত যেন চকুলোৰ পৰিৱৰ্তে শিলসাঁকোৰ উচ্ছেদিতৰ মুখত হাঁহি দেখিবলৈ পোৱা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰামৰ চৰিত্ৰত ছলমান, সীতাৰ চৰিত্ৰত সোণালী বেন্দ্ৰে! ৰণবীৰৰ ‘ৰামায়ণ’ৰ মুক্তিৰ পূৰ্বে নতুন চৰ্চা

ৰামৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ কাপুৰে। ইতিমধ্যে ছবিখনৰ প্ৰমোচনৰ...

ওঁঠ ফুলিছে, বিষত চকুপানী ওলাইছে! উৰ্ফীৰ কি হৈছে?

অভিনৱ কায়দাৰ পোছাক পৰিধান কৰি সকলোকে চমক দিয়ে উৰ্ফী...

আফ্ৰিকাতো সফল হৈছে ট্ৰাম্পৰ মধ্যস্থতা! কাটাৰত যুদ্ধবিৰতি চুক্তিত উপনীত ডি আৰ কংগো চৰকাৰ-বিদ্ৰোহীৰ

শনিবাৰে কাটাৰৰ ৰাজধানী দোহাত আমেৰিকাৰ মধ্যস্থতাত মধ্য আফ্ৰিকাৰ দেশ...

ভাৰত সীমান্তৰ সমীপত ব্ৰহ্মপুত্ৰৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে চীনে

ভাৰত সীমান্তৰ সমীপৰ তিব্বতত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বিশ্বৰ সবাতোকৈ...