আৰক্ষীৰ এনকাউণ্টাৰেও ৰুধিব পৰা নাই অপৰাধ!

ইনষ্টেণ্ট জাষ্টিছৰ নামত আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে, এনকাউণ্টাৰত মৰিছেও অপৰাধী। কিন্তু তথাপিও অপৰাধ কৰিম বোলা দুৰ্বৃত্তই কৰিয়েই গৈছে ইটোৰ পিছত সিটো নৃশ্ংস কাণ্ড। এইবাৰ চাবুৱাৰ জেৰাই গাঁৱত সংঘটিত হৈছে এক নৃশংস কাণ্ড। এজাক মানুহৰ ভিৰ বাঢ়িছে। সকলোৰে মনত শংকা। উপস্থিত হৈছে আৰক্ষী। লগত স্নিফাৰ ডগ। এগৰাকী হতভাগা পত্নীয়ে ৰাউচি জুৰিছে। চিঞৰিছে আমাক ন্যায় লাগে। চাবুৱাৰ এখন ঘৰত নিশা ১.৩০ বজাত সংঘটিত হ’ল এক হত্যাকাণ্ড। পত্নী-কণমানি কন্যাৰ সন্মুখতে শোৱাপাটীৰ পৰা উঠাই এজনক হত্যা দুৰ্বৃত্তৰ। মুখত ক’লা কাপোৰ বন্ধা ৪ অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰিলে মাধুৰ্য বৰুৱাক। মাধুৰ্য বৰুৱা আছিল জলসম্পদ বিভাগৰ শাখা সহায়ক। মাধুৰ্য বৰুৱাৰ পত্নীয়ে খুলি দিছিল ঘৰৰ দৰ্জা। চোকা অস্ত্ৰৰে হানি, মাটি সমান কৰা ধুমুচেৰে মূৰত আঘাত কৰি কৰিছিল হত্যা।

ডিব্ৰুগড়স্থিত জল সম্পদ বিভাগৰ মাণ্ডলিক কাৰ্যালয়ৰ অধীনস্থ এগৰাকী কৰ্মচাৰীক কোনে কি কাৰণত হত্যা কৰিব পাৰে! এই লৈ এতিয়া প্ৰশ্ন উঠিছে। প্ৰশ্ন উঠিছে মুখ্যমন্ত্ৰীয়ে ৰাজ্যত অপৰাধৰ হাৰ কমা বুলি সংবাদ মাধ্যমত মন্তব্য দিলেই এনে নৃশংস অপৰাধসমূহ নাইকিয়া হৈ যাবনে? ইতিমধ্যে নিশাই চাবুৱা আৰক্ষী উপস্থিত হৈছে যদিও পুৱা ৭ বজাত দণ্ডাধীশ উপস্থিত হয়। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত কোনো ধৰণৰ তথ্য পোহৰলৈ অহা নাই । ঘটনাস্থলীলৈ বিশেষ তদন্তকাৰী দল আহি সকলো দিশ তন্ন তন্নকৈ পৰীক্ষা কৰিছে। আৰক্ষীয়ে দিয়া নাই কোনো ধৰণৰ মন্তব্য। কিন্তু এই হত্যাকাণ্ডক লৈ সম্প্ৰতি সমগ্ৰ চাবুৱাৰ লগতে জেৰাই গাঁৱৰ স্থানীয় লোকৰ‌ মাজত চাঞ্চল্যৰসৃষ্টি হৈছে। উচিত তদন্ত লাগে ৰাইজক। কোন ঘাতকে কি অভিপ্ৰায়েৰে এই কাণ্ড সংঘটিত কৰিছে সেয়া সম্পূৰ্ণ অজ্ঞাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...

‘বন্দে মাতৰম’ গোৱাত বাধা দিলে হ’ব শাস্তি: বিধেয়কত ৰাষ্ট্ৰপতিৰ সন্মতি

‘বন্দে মাতৰম’ গোৱাত ইচ্ছাকৃতভাৱে বাধা প্ৰদান কৰা বা গীত...

ধৰ্ষণ আৰু অপৰাধমূলক ভাবুকিৰ গোচৰত গ্ৰেপ্তাৰ IPLৰ ক্ৰিকেটাৰ অভিষেক পোৰেল

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (IPL)-ত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক...