আৰক্ষীৰ এনকাউণ্টাৰেও ৰুধিব পৰা নাই অপৰাধ!

ইনষ্টেণ্ট জাষ্টিছৰ নামত আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে, এনকাউণ্টাৰত মৰিছেও অপৰাধী। কিন্তু তথাপিও অপৰাধ কৰিম বোলা দুৰ্বৃত্তই কৰিয়েই গৈছে ইটোৰ পিছত সিটো নৃশ্ংস কাণ্ড। এইবাৰ চাবুৱাৰ জেৰাই গাঁৱত সংঘটিত হৈছে এক নৃশংস কাণ্ড। এজাক মানুহৰ ভিৰ বাঢ়িছে। সকলোৰে মনত শংকা। উপস্থিত হৈছে আৰক্ষী। লগত স্নিফাৰ ডগ। এগৰাকী হতভাগা পত্নীয়ে ৰাউচি জুৰিছে। চিঞৰিছে আমাক ন্যায় লাগে। চাবুৱাৰ এখন ঘৰত নিশা ১.৩০ বজাত সংঘটিত হ’ল এক হত্যাকাণ্ড। পত্নী-কণমানি কন্যাৰ সন্মুখতে শোৱাপাটীৰ পৰা উঠাই এজনক হত্যা দুৰ্বৃত্তৰ। মুখত ক’লা কাপোৰ বন্ধা ৪ অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰিলে মাধুৰ্য বৰুৱাক। মাধুৰ্য বৰুৱা আছিল জলসম্পদ বিভাগৰ শাখা সহায়ক। মাধুৰ্য বৰুৱাৰ পত্নীয়ে খুলি দিছিল ঘৰৰ দৰ্জা। চোকা অস্ত্ৰৰে হানি, মাটি সমান কৰা ধুমুচেৰে মূৰত আঘাত কৰি কৰিছিল হত্যা।

ডিব্ৰুগড়স্থিত জল সম্পদ বিভাগৰ মাণ্ডলিক কাৰ্যালয়ৰ অধীনস্থ এগৰাকী কৰ্মচাৰীক কোনে কি কাৰণত হত্যা কৰিব পাৰে! এই লৈ এতিয়া প্ৰশ্ন উঠিছে। প্ৰশ্ন উঠিছে মুখ্যমন্ত্ৰীয়ে ৰাজ্যত অপৰাধৰ হাৰ কমা বুলি সংবাদ মাধ্যমত মন্তব্য দিলেই এনে নৃশংস অপৰাধসমূহ নাইকিয়া হৈ যাবনে? ইতিমধ্যে নিশাই চাবুৱা আৰক্ষী উপস্থিত হৈছে যদিও পুৱা ৭ বজাত দণ্ডাধীশ উপস্থিত হয়। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত কোনো ধৰণৰ তথ্য পোহৰলৈ অহা নাই । ঘটনাস্থলীলৈ বিশেষ তদন্তকাৰী দল আহি সকলো দিশ তন্ন তন্নকৈ পৰীক্ষা কৰিছে। আৰক্ষীয়ে দিয়া নাই কোনো ধৰণৰ মন্তব্য। কিন্তু এই হত্যাকাণ্ডক লৈ সম্প্ৰতি সমগ্ৰ চাবুৱাৰ লগতে জেৰাই গাঁৱৰ স্থানীয় লোকৰ‌ মাজত চাঞ্চল্যৰসৃষ্টি হৈছে। উচিত তদন্ত লাগে ৰাইজক। কোন ঘাতকে কি অভিপ্ৰায়েৰে এই কাণ্ড সংঘটিত কৰিছে সেয়া সম্পূৰ্ণ অজ্ঞাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...