মণিপুৰ বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভৰ পৰিকল্পনা NPPৰ

মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা নেচনেল পিপলছ পাৰ্টিৰ (NPP) মুৰব্বী কনৰাড চাংমাই ৬০ জনীয়া মণিপুৰ বিধানসভাত প্ৰায় ৪০ৰ পৰা ৪৫ খন আসনৰ বাবে অকলে প্ৰতিদ্বন্দিতা কৰাৰ পৰিকল্পনা কৰিছে, যাৰ বাবে ২০২২ চনৰ আৰম্ভণিতে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

NPP মণিপুৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু দলটোৰ চৰকাৰত উপ-মুখ্যমন্ত্ৰীকে ধৰি দুজন মন্ত্ৰী আছে। কনৰাড চাংমাই এক সাক্ষাৎকাৰত কয় যে, এতিয়ালৈকে, তেওঁৰ দলে ৩০খনতকৈও অধিক আসনত প্ৰতিদ্বন্দিতা কৰিবলৈ চূড়ান্ত কৰিছে।

“NPPৰ নিৰ্বাচনী সমিতিয়ে চূড়ান্ত তালিকা প্ৰদান কৰিব আৰু মই তাৰ বাবে অপেক্ষা কৰি আছো। কিন্তু ই নিশ্চিতভাৱে ৩০ প্লাছ হ’ব আৰু ৪০ৰ পৰা ৫০খন আসন স্পৰ্শ কৰিবও পাৰে। কিন্তু, দলটোৰ নিৰ্বাচনী সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ ওচৰত প্ৰতিবেদন দাখিল কৰাৰ পিছত চূড়ান্ত সিদ্ধান্ত ল’ব,” কনৰাড চাংমাই কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...