আৰক্ষীত ভৰ্তি হৈ দেশৰ সেৱা কৰিবৰ বাবে প্ৰতিজ্ঞাবদ্ধ মাজনী লয়িং

দায়িত্ব সকলোৰে থাকে। এই ধৰক আপোনাৰ দায়িত্ব নিৰ্ধাৰিত সময়ৰ ভিতৰত আপুনি কাম এটা সম্পাদন কৰি দিব লাগে। কোনোজনৰ দায়িত্ব বৃদ্ধ ৰুগীয়া পিতৃ মাতৃক আলপৈচান ধৰিব লাগে। আনজনৰ দায়িত্ব উপাৰ্জন কৰিব লাগে, সংসাৰ কৰিব লাগে, ঘৰ এখন সাজিব লাগে, পৰিয়ালক লৈ যাব লাগে এটা ফৰেইন ট্যুৰত ইত্যাদি ইত্যাদি। কিন্তু কেতিয়াবা-
দায়িত্বৰো থাকে উঠা-নমা
কোনটো দায়িত্বক প্ৰাধান্য দিব!
এফালে গণতন্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিনটোৰ দায়িত্ব
আনফালে কোলাৰ ২০ মহীয়া কেঁচুৱাটিৰ দায়িত্ব

নিৰ্বাচনৰ গৰম খবৰৰ পাৰ্শ্বত চলি থকা কিছু চৰ্চা নোহোৱা দৃশ্য। কোলাত ডেৰ বছৰীয়া সন্তান লৈ এইগৰাকী আৰক্ষী মাতৃ আগবাঢ়িছে নিৰ্বাচনী দ্বায়িত্ব পালনৰ যাত্ৰাৰ বাবে। তেওঁৰ নাম মাজনী লয়িং। কাৰ্বি আংলং জিলাৰ ২৩ নং বেটেলিয়নৰ আৰক্ষী কণিষ্ঠবল মাজনী লয়িং। গণতন্ত্ৰৰ সৰ্ববৃহৎ মহোৎসৱ লোকসভা নিৰ্বাচনৰ দ্বায়িত্ব পালন কৰিবলৈ ওলাই আহিছে এইগৰাকী আৰক্ষী মাতৃ। পুৱাই কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট নিৰ্বাচনী জিলাৰ ফৰকাটিং কলেজৰ মেটেৰিয়েল চেলত উপস্থিত হৈছে আৰক্ষী মাতৃগৰাকী। বাহিৰত উত্কট গৰম। দায়িত্বও গধুৰ। কেতিয়াবা জোৰ কৰি শুৱাই থবলগীয়া হব কোলাৰ কেঁচুৱাক। কষ্ট হয়! কিন্তু –
আৰক্ষীত ভৰ্তি হৈ দেশৰ সেৱা কৰিবৰ বাবে প্ৰতিজ্ঞাবদ্ধ মাজনী লয়িং
দ্বায়িত্ব প্ৰদান কৰিছে যেতিয়া, কোলাত সন্তান লৈও তাক কৰিবলৈ বদ্ধপৰিকৰ

কিন্তু ডেৰ বছৰীয়া সন্তানৰ মাতৃ এগৰাকীক এনে দ্বায়িত্ব অৰ্পণ কৰাটো কিমান সমীচিন? এই প্ৰশ্নও আপোনাৰ মনত আহিব পাৰে। তেওঁলোকে আৱেদন কৰিছিল। কিন্তু দায়িত্ব দিছে যেতিয়া উপায়টো নাই!

এনেদৰেই আপোনাৰ মোৰ ওপৰিও কিছু লোকে পালন কৰিছে এনে কিছু দায়িত্ব। এক অৰ্থত কবলৈ গলে উচ্চ প্ৰশংসনীয়। আজিৰ দিনত, বঙহে বঙহক প্ৰতাৰণা কৰাৰ সময়ত, ঘৰৰে লৰাই, কোনো কোনো ৰজাই জাতি মাটিৰ দৰ দাম কৰাৰ সময়ত- এইসকলেই আচলতে প্ৰকৃত মূলাগাভৰু, প্ৰকৃত কনকলতা, মাতৃ-দুহিতা অথবা দুৰ্গা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...