ডেৰশ কোটি টকাৰ সম্পত্তিৰ গৰাকী ধুবুৰীৰ সাংসদ আজমল

0 296

৫ বছৰত বদৰুদ্দিন আজমলৰ বৃদ্ধি ২ গুণ সম্পত্তি
ডেৰশ কোটি টকাৰ সম্পত্তিৰ গৰাকী ধুবুৰীৰ সাংসদ আজমল
২০১৯ত ৭৮.৮০ কোটি টকাৰ সম্পত্তি আছিল আজমলৰ
২০২৪ত ১৫১.৭১ কোটি টকাৰ সম্পত্তি হৈছে আজমলৰ
সম্পত্তি বৃদ্ধিৰ বিপৰীতে আজমলৰ হ্ৰাস পাইছে আয়ৰ পৰিমাণ

ৰাজ্যৰ ৰাজনীতিত এগৰাকী ধনৱন্ত নেতা হিচাপে পৰিচিত ধুবুৰীৰ AIUDF সাংসদ বদৰুদ্দিন আজমল। কিন্তু আপুনি জানেনে আজমলৰ আছে কিমান টকাৰ সম্পত্তি? বুধবাৰে ধুবুৰীত মনোনয়ন পত্ৰৰ সৈতে বদৰুদ্দিন আজমলে দাখিল কৰা শপতনামাত পোহৰলৈ আহিছে তেওঁৰ সম্পত্তিৰ পৰিমাণ। শপতনামাত উল্লেখ কৰা অনুসৰি আজমলৰ বৰ্তমান আছে ১৫১.৭১ কোটি টকাৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি।

লক্ষ্যণীয়ভাৱে বিগত ৫ বছৰত দুগুণ বৃদ্ধি হৈছে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ সম্পত্তিৰ পৰিমাণ। ২০১৯ চনৰ নিৰ্বাচনত মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত বদৰুদ্দিন আজমলে উল্লেখ কৰা অনুসৰি – ৫ বছৰ পূৰ্বে আজমলৰ আছিল ৭৮.৮০ কোটি টকাৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি। এই পৰিসংখ্যালৈ চালে এটা কথা স্পষ্ট হৈ পৰে যে- ৫ বছৰত আজমলৰ বৃদ্ধি হ’ল ৭২.৯০ কোটি টকাৰ সম্পত্তি। আনহাতে ধুবুৰীত চতুৰ্থবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বদৰুদ্দিন আজমলৰ হাতত বৰ্তমান জমা আছে ২,১৫,৩৪৫ টকা। আজমলৰ পত্নীৰ হাতত বৰ্তমান জমা আছে ২৬,২৬৮ টকা।

ইয়াৰ উপৰিও বিভিন্ন বেংক একাউণ্টত আজমলৰ জমা আছে ৪৮.২৩ লাখ টকা
আজমলৰ পত্নীৰ বেংক একাউণ্টত জমা আছে ১২.৮৩ লাখ টকা
শ্বেয়াৰ মাৰ্কেট, বণ্ডত আজমলে বিনিয়োগ কৰিছে ১০.৯৩ কোটি টকা
শ্বেয়াৰ মাৰ্কেট, বণ্ডত পত্নীৰ বিনিয়োগ আছে ৮০.৭ লাখ টকা

আনহাতে, আজমলৰ ৬ খন গাড়ীৰ মুঠ মূল্য ৯০ লাখ টকা
৬১.৭৬ লাখ টকাৰ ৩খন গাড়ী আছে আজমলৰ পত্নীৰ নামত
১২ লাখ টকাৰ সোণৰ আ-অলংকাৰ আছে বদৰুদ্দিন আজমলৰ

এই সকলো সামৰি ২৮.৩৪ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আছে আজমলৰ
আজমলৰ পত্নীৰ আছে ৫৪.৭৬ লাখ টকাৰ অস্থাৱৰ সম্পত্তি
বিভিন্ন প্ৰান্তত ঘৰ-মাটিকে ধৰি বদৰুদ্দিন আজমলৰ আছে বিশাল পৰিমাণৰ স্থাৱৰ সম্পত্তি।

গুৱাহাটী, হোজাইত আছে আজমলৰ বিঘাই বিঘাই মাটি
দিল্লী, মুম্বাই, বেংগালুৰুত আছে আজমলৰ এপাৰ্টমেণ্ট
১২৩.৩৬ কোটি টকাৰ স্থাৱৰ সম্পত্তি আছে আজমলৰ
আজমলৰ পত্নীৰ নামত আছে ২.৮১ কোটি টকাৰ স্থাৱৰ সম্পত্তি


সময়ৰ লগে লগে বদৰুদ্দিন আজমলৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি হ’লেও তেওঁৰ বৃদ্ধি হোৱা নাই উপাৰ্জনৰ পৰিমাণ। আনকি পূৰ্বৰ তুলনাত বৰ্তমান সময়ত যথেষ্ট হ্ৰাস পাইছে আজমলৰ উপাৰ্জন।

২০১৮-১৯ত বদৰুদ্দিন আজমলৰ উপাৰ্জন আছিল ৫.৮০ কোটি টকা
২০২১-২২ত বদৰুদ্দিন আজমলৰ উপাৰ্জন হৈছে ১.৪ কোটি টকা

উল্লেখযোগ্য যে, বিগত ৩টাকৈ কাৰ্যকাল সংসদত ধুবুৰীক প্ৰতিনিধিত্ব কৰি আহিলেও ধুবুৰী সমষ্টিৰ ভোটাৰ নহয় সাংসদ বদৰুদ্দিন আজমল। পূৰ্বৰ যমুনামুখ তথা নৱগঠিত বিন্নাকান্দি সমষ্টিৰ ভোটাৰ আজমল

Leave A Reply

Your email address will not be published.