আজি অন্ত পৰিব প্ৰয়াগৰাজৰ মহাকুম্ভমেলাৰ

আজি অন্ত পৰিব প্ৰয়াগৰাজৰ মহাকুম্ভমেলাৰ। যোৱা ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই ঐতিহাসিক হিন্দু মহোৎসৱৰ সামৰণি পৰিব মহাশিৱৰাত্ৰিৰ দিনা। যোৱা প্ৰায় ডেৰ মাহ ধৰি চলা এই মহা কুম্ভমেলাত বৰ্তমানলৈকে কেইবা কোটি ভক্তই পুন্যস্নান কৰি আহিছে। প্ৰথম দিনাৰে পৰা অন্তিম দিনালৈকে প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত সমবেত হয় দেশ–বিদেশৰ ভক্তসকলে। বুধবাৰে পুৱা ১১ বাজি ৮ মিনিটৰ পৰা ২৭ ফেব্ৰুৱাৰীৰ পৰা ৮ বাজি ৫৪ মিনিটলৈকে মহাশিৱৰাত্ৰিৰ এই পৱিত্ৰ ক্ষণত সমবেত হ’ব আন কেইবা হাজাৰ ভক্ত। মঙলবাৰে পুৱাৰে পৰা ত্ৰিৱেনী সংগমত পুন্য স্নানৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে ভক্তৰ ভিৰ। পুন্যস্নানৰ বাবে পৱিত্ৰ ক্ষণ ৰূপে নিৰ্ধাৰণ কৰা হৈছে দিনটোৰ কেইবাটাও মুহূৰ্ত। সেই মতে পুৱা ৫বাজি ৯ মিনিটৰ পৰা পুৱা ৬ বাজি ৫৯ মিনিটলৈকে হ’ব ব্ৰহ্ম মুহূৰ্ত। সন্ধিয়া ৬ বাজি ১৬ মিনিটৰ পৰা ৬ বাজি ৪২ মিনিটলৈকে আন এক শুভমুহূৰ্তত ত্ৰিৱেনী সংগমত স্নান কৰিব ভক্তসকলে। মাজনিশা ১২ বাজি ৯ মিনিটৰ পৰা ১২ বাজি ৫৯ মিনিটলৈকেও এই শুভ মুহূৰ্তত ত্ৰিৱেণী সংগমত স্নান কৰিবলৈ সাজু হৈছে আন কেইবা হাজাৰ ভক্ত। মহা কুম্ভমেলাৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বুধবাৰে প্ৰয়াগৰাজত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী, আধ্যাত্মিক অনুষ্ঠান, ধৰ্মীয় সমদলকে ধৰি সমবেশ ঘটিব বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাধু–সন্যাসী আৰু কেইবা হাজাৰ ভক্তৰ। প্ৰয়াগৰাজৰ এই মহা কুম্ভমেলাৰ পিছত ২০২৭ত পৰৱৰ্তী কুম্ভমেলা অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ নাচিকত। উল্লেখ্য যে প্ৰয়াগৰাজত অনুষ্ঠিত এইবাৰৰ মহাকুম্ভমেলাত ৫০ কোটিৰ অধিক ভক্তই পুন্যস্নান সমাপন কৰে। যোৱা ২৯ জানুৱাৰীৰ মৌনী অমাৱস্যাত পৱিত্ৰ স্নানৰ বাবে ত্ৰিবেণী সংগমত কেইবা কোটি ভক্ত সমৱেত হোৱাৰ সময়তে পদপিষ্ট ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হয় ৩০জনৰো অধিক ভক্তই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

GMCHত উপলব্ধ হ’ব কেন্সাৰৰ উন্নত থেৰাপীৰ সঁজুলি,সঁজুলি ক্ৰয়ৰ বাবে কেবিনেটৰ অনুমোদন

অসমত কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ...

নেপালত কিয় পুতি পেলোৱা হৈছে চিনাক্ত নোহোৱা মৃতদেহ? কেনেকৈ হ’ব মৃতদেহৰ চিনাক্তকৰণ?

নেপালত ভয়াৱহ বানত মৃত্যু হোৱা চিনাক্ত নোহোৱা মৃতদেহসমূহ পুতি...

বয়স-ফিটনেছৰ বাবে সলনি হ’ব নেকি ভাৰতৰ বিশ্বকাপ দল?

২০২৭ৰ এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট...

১৫ বছৰীয়া বৈভৱৰ কান্ধত ইষ্ট জ’নৰ নেতৃত্বৰ দায়িত্ব

বেংগালুৰুৰ Centre of Excellence (CoE)ত দেওবাৰে অনুষ্ঠিত দুলীপ ট্ৰফীৰ...