আজি মহাশিৱৰাত্ৰি, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ ৰুদ্ৰদেৱক পূজিছে ভক্তই

আজি মহাশিৱৰাত্ৰি। শিৰে অৰ্ধ চন্দ্ৰমা, কণ্ঠে হলাহল। ব্যাঘ্ৰচৰ্ম পৰিয়া, পদ্মাসনে ত্ৰিনয়ন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ ৰুদ্ৰদেৱক পূজিছে ভক্তই। শিৱ মন্দিৰসমূহত পুৱাৰে পৰা ভক্তৰ ভিৰ। প্লাৱন তিথিত ধূপ-দ্বীপ-নৈবদ্য, মন্দিৰে মন্দিৰে অদ্ৰিনাথৰ পূজন। মৰ্ত্যৰ মানৱে পূজিছে অনংগ-অতনু সত্তাক, আওৰাইছে সদ্ভাৱনাৰ বাণী। উমাপতি আশুতোষক পূজি মানৱে বিচাৰিছে দশোদিশৰ মংগল। উজনিৰ পৰা নামনিলৈ কোনোৱে গাইছে শিৱ নাম, মৰ্ত্য হৈ পৰিছে কৈলাশ ধাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰত-ইউএইৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য, বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰীৰ

‘আমি আৰু ঘনিষ্ঠ হ’ব বিচাৰোঁ’: কৌশলগত সম্পৰ্কৰ পৰ্যালোচনাৰ বাবে...